পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৫ পুৰণি বুৰঞ্জী। আকুত্যা, বুঢ়াগোহাঁইৰ পুতেক ত্যাওত্যিত, বৰগোহাঁইৰ পুতেক ত্যা ওপেত, খিমৰতৰ পুতেক, চূড়াঙ্গৰ পুতেক, এই সকলক কোচৰ ঠাইলৈ বুঢ়াগোহাঁইৰ হাতত দিলে। নাংৰক্ল গাভৰু :—পাচে দিহিঙ্গীয়া ৰজাদেৱৰ জীয়েক, খোৰা ৰজাদেৱৰ পেহী- য়েক আৰু বৰগোহাঁইৰ ভাষ্যা নং গাভৰুৱে পুতেকৰ লগত আহি বুলিলে, “মোৰ পোক ভাটী ৰাজ্যলৈ যাবলৈ কেলৈ দিম? কোচেৰে সৈতে ৰণত যেহুৰিলা, তুমিনো কিহৰ ৰজা? ডঙ্গিবীয়নো কিহব?” আৰু বৰগোহাঁইক কলে; “তুমিনো কিহৰ বৰগোহাঁই? ভাল তোমালোকে যে ৰণত হাৰিলা, মই যুধ কবি চাওঁ; তোমালোকৰ টুপি, ঢোল, কুনবিন কুনখা (২) পিন্ধি কোচবে যুধ কবোঁগৈ; মই তিৰোতানে পুতাপু, তেতিয়াহে তাৰ চানেকি পাব। তোমালোকে মোৰ সাজপাৰ পিন্ধিব।।” এই বুলি গাভৰুৱে পুতেক ত্যা ওপেতক কাঢ়ি নিলে। পচে বৰগোহাঁয়ে ৰজাদেৱত কলে, " ৰাজ্যৰ নিমিত্তে মোৰ পোক দিলো, যক।” গাভৰুৱে পুনৰ কলে, “মোৰ লৰাক কোনে দিব পাবে? দিখৌ নৈ বান্ধি ওভোটাই পঠিয়ালেহে মোৰ লৰাক দিব পাবে।” পচে ৰজাদেৱে খং কৰি বুলিলে, “বৰ- গগাহাঁইৰ পুতেক যাব নেলাগে, মোৰ ভাই চুগা’ কোৱৰ যক।” এই বুলি ত্যাওচুগামক কোচৰ ঠাইলৈ বুঢ়াগোহাইৰ হাতত দিলে। শাওনৰ দিনত বুঢ়া গোছায়ে গৈ কোচ ৰজাৰ ঠাইত সকলো ওল সোপালেগৈ। খামচেনৰ পুতেকক সৰু লৰা বুলি ওলোটাই দি, কোৱৰক ভাল ৰূপে ৰখিয়া দিলে; কোচহঁতেও আপোনাৰ ৰাজ্যলৈ ভটীয়াই গল। পচে চাৰিং ৰজা, তৰাইখেক বুঢ়াগোহাই এই দুয়ে কোচৰ ওল সোধাই উজাই আহি ৰজাদেৱৰ সপক্ষে কলেহি। উজিৰ- বামুন, তপস্যা লস্কৰ, মালামূল্য লস্কৰ, এই তিনিক কোচ ৰজাই উত্তৰ কোলত ৰাজখোৱা পাতিলে। | লাক্লি প্লেকমিত সকত (১৬) আঘোণৰ দিনত চৰাইখোবোঙ্গৰ ৰজাদেৱে নগৰলৈ ওলাই আহি, পাঙ্গৰুৱা কোৱৰক মাৰিলে, সেই বছবতে (অৰ্থাৎ হিন্দুমতে ১৪৮৬) অমাৰ-ওল দিয়া চুগাং কোৱৰকে মুখ্য কৰি সকলো মানুহকে কোচ ৰজাই আমাৰ ৰাজ্যলৈ পঠিয়াই দিলে। তাৰ কাৰণ তলত সংক্ষিপ্তকৈ বিবৃত হল; এদিনাখন কোচ ৰজাই লাচানাগা কছাৰিৰ বিৰুদ্ধে এটি বাৰ্তা পালে, সেই কথা আমাৰ ৰজাদেৱে ভু পাই ত্যাওকনখামক, আৰু ত্যাওতক পঠাই লাচানাগা কছাৰিক ধৰি নিয়ালেহি; পাচে ইসকলে যাবৰ শুনি ত্যাওজাইখাম, ত্যাওতিং পুং