১৫৪ অসমীয়া সাহিত্যৰ চানেকি। দিলে। কোচ ৰজাই এই বুলি কৈ পঠালে,—“আমিও এতিয়াৰ নহওঁ, সিবিলাকো এতিয়াৰ নহয়। বিশেগতঃ স্বৰ্গদেৱ ৰজা ইন্দ্ৰৰ সন্তান, আমিও সদাশিৱৰ সন্তান এতেকতে তোমাৰ আমাৰ দ্বন্দ কন্দল কৰা উচিত নহয়, পূৰ্বতো তোমাৰে আমাৰে অধিকাধিক প্ৰীতি গোট চলি গৈছে। এই জানি তোমাৰ আমাৰ দুই ৰাজ্য লওক, আমাকে দিওক; এই কথা শুনি যাতে সৰ্বজনে প্ৰসংসা কৰে, তাকে আচৰিব।” তেওঁ সন্দেশ দিছিলে, হাতী ১টা ঘোঁৰা ৪টা (তাৰে এটা সোণৰ জিম বহ্মা)। পাচে ৰজাদেৱ এই কথা শুনি পাত্ৰ মন্ত্ৰীৰে অলট কৰি কোচ ৰজালৈ হাতী ২টা আৰু ৰূপৰ টাঙ্গি বন্ধা দিলে। তাতে কোচ ৰজাই প্ৰীত হৈ ভায়েকক ভটিয়াই দেশলৈ নিয়ালে; আমাৰ সৈন্য ও বনব ঠাইৰ পৰা উলটি আহিল।। | পচে আকৌ জেঠৰ দিনত কোচ ৰজাই টেপু সেনাপতিক পঠালে। টেপুৱে আহি দিহিঙ্গত কোঠ দি ৰলহি; আমাৰ দিহিঙ্গিয়া কঁৰীয়ে জানি গৰ এৰি ভাগি দক্ষিন পাৰলৈ আহিল। তাতে কোচ সেনাপতিয়ে তৰে নাৱে খেদি আহিল। আমাৰ চাৰিং ৰজা, তৰাইখে বুঢ়াগোহাঁই, খংচন, কংজং বৰপাত্ৰগোহাই, এই সকলে অলচি হাতি ১, মোনীয়া হেংজন ১, হিলৈ ১ এই বস্তুদি লেচাই, খিং লাং মংখুৰুৰ পুতেক, এই দুইক কোচ ৰজাৰ ঠাইলৈ পঠাই দিলে, ইহঁত দুয়ে কোচ ৰজাক এই সন্দেশ দিলেগৈ। আমাৰ যোৰ চোৱাই কবলৈ নৌপাওঁতেই, | যোদ্ধা সকলে ভাগিব খুজিছিল, এ-তে ঘোঁৰাচোৱাই পাই আজ্ঞা কৈ উলটি আহিল। পাচে আমাৰ মানুহে ৰব নোৱাৰি মাজৰতি গৰ এৰি পলাই আহিল।। সিবোৰলৈ বাট নেচাই বজাদেৱে ডৈখমিত সবাকে গোটখুৱাই তাৰে পৰা নগপতত উঠি চৰাইখোৰোঙ্গত থাকিল গৈ কংডৈ পৰ্বতত তিনি মাহ আছিলে, কোচ সেনাপতিয়েও আহি পাই মানি বিলৰ কাষৰত থাকিলহি। পাচে আমাৰ ৰজাদেৱে প্ৰাতি স্থাপনাৰ কাৰণে তৱাইখেক বুঢ়গোহাঁইক কোচ ৰজাৰ ঠাইলৈ পঠাই দিলে। আৰু লগত সন্দেশ দিলে,-সোণৰ কলহ ২, ৰূপৰ কলহ ৪, ৰূপৰ বেলা ১, ৰূপৰ জৰা ১। বুঢ়াগোহাঁয়ে আহি কোচ ৰজাক প্ৰীতিৰ কাৰণে কলেগৈ, পাচে। কোচ ৰজাই কলে, “তৱাইখেক বুঢ়াগোহাঁই, তুমি উদৈগিৰি ৰজাত এই কথা কৰা যাই,তিনি জনা গোহঁাইৰ পুতেকক দিব, চুডাঙ্গৰ পুতেকক দিব, খামচেনৰ পুতেকক দিব, মই সকলো স্বৰ্গী ৰজাৰ ৰাজ্যত থৈ যাম। এই বুলি গোহাইক বিদায় দিলে বুঢ়াগোহাও আহি সকলোকে ৰজাদেৱত জনালেহি। কোচ সেনাপতিয়ে লুইতৰ মাজুলিত ৰল গৈ। শাওনৰ দিনত ৰজাদেৱে লংলাওৰ পুতেক
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৪
অৱয়ব