পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭
প্ৰভু য়িচু খ্ৰীষ্টৰ অৱতাৰ বিবৰন

আগ্যা পায়ো পাপ কৰে জদি কোনো জন,
ঘোৰ নৰকত দণ্ড দিব সনাতন।
তথাপি ইস্বৰ আগ্যা লঙ্ঘে সব জন,
পাপে পুৰ্ন এজগত হৈচে সৰ্বখ্যন।
কেৱল ইস্বৰ আগ্যা লঙ্ঘন দোসতে
মজি আচে সৰ্বলোক অত্যন্ত পাপতে,
সাপ গ্ৰস্ত হৈয়া আচে মাযাৰ জালতে,
নিৰন্তৰ পেৰে মন, সুখ নাহি তাতে।
এই হেতু ক্ৰিপামই আপোন নন্দন
পাঁচি দিলে এই জগতে পাপিৰ কাৰন।
খ্ৰীষ্ট ৰুপে অৱতাৰ হৈয়া প্ৰিথিবিতে
উধাৰিচে পাপিগন স্বপ্ৰান দানতে।

⸻⸻

প্ৰভু য়িচু খ্ৰীষ্টৰ অৱতাৰ বিবৰন।

য়িচুৰ চৰিত্ৰ, অত্যন্ত পবিত্ৰ
গুনৱন্ত মনোহৰ;
সুনা মন দিয়া, ক্ৰিপ্ত হব হিযা,
অম্ৰিত বাক্য সুন্দৰ।

সম্পুৰ্ন হৈচিল কাল জন্মৰ জেতিয়া,
পাঁচি দিলে নিজ সুত ইস্বৰে তেতিয়া
নামে য়িচু খ্ৰীষ্ট অধিকাৰ জীৱনৰ,
নৰক ভাগিও তৰে বিস্বাসে জাহাৰ।
কুমাৰিৰ গৰ্ভে জন্ম ভৈলা য়িচু খ্ৰীষ্ট,
নিষ্পপি, নিস্কাম প্ৰভু জগতৰ ইষ্ট।
সিসুকালে তেওঁৰ নানা বিৰোধ ঘটিল,
সুনা প্ৰভু জৌৱনতে জি কৰ্ম কৰিল।

১৮