পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
অসমীয়া সাহিত্যৰ চানেকি

সুভ সম্বাদৰ বাক্য উপদেস দিয়া
ভ্ৰমিচিলে বহু ক্লেসে হিতৈসি হইয়া।
আপোনাৰ পাপি মন পালটন কৰা,
বিস্বাস কৰিয়া মোতে মুক্তি পথ ধৰা;
এই বাক্য জনাইয়া দিলেক ইস্বৰ
সকলোৰে মুক্তি হেতু প্ৰভু দায়াতুৰ;
জেন কোনো পাপি নৰ নৰকে নেজাই,
বিস্বাস কৰিয়া তেওঁতে স্বৰ্গ ৰাজ্য পাই।
জত দিন ত্ৰান কৰ্তা আচিলে জগতে,
কৰিলে পবিত্ৰ কৰ্ম আচৰ্জ সক্তিতে;
খোৰা্কো দিচিলে ভৰি, অন্ধকো নয়ন,
হস্ত হিনে দিলে হস্ত, ম্ৰিত্যুকো জিৱন;
ভুতে পোআ, কুষ্ঠৰুগি আৰু জত জত,
অৰুগি কৰিলে প্ৰভু আপোন বাক্যত;
বিবিধ বাঞ্চিত ফল দিচিলে লোকক,
তথাপিতো নিচিনিলে সংসাৰ তাৰক।
গোটা পাঁচ সাত পিঠা হাতে তুলি লৈয়া
সহস্ৰ লোকক প্ৰভু দিচিলে বাঁটিয়া;
ত্ৰিপ্ত হৈল ভক্তগন ভূঞ্জিয়া সকলে,
এনে চমতকাৰ কৰ্ম নাহি ভুমণ্ডলে।
এই ৰুপে নানা কৰ্ম আচই তাহাৰ,
কোনে কহিবাক পাৰে জাৰ নাহি পাৰ।
ধনহিন হৈয়া প্ৰভু সৰ্বদা আচিলে,
নিবাসৰ ঘৰ দ্বাৰ কতো নকৰিলে;
কিন্তু ভকতৰ আগে কৰিলে প্ৰকাস,
দেখা জত বন পহু আচে তাৰো বাস;
পখি সকলৰো বাস আচে থাকিবৰ,
কিন্তু থান নাহি মোৰ মুৰ ৰাখিবৰ।
আৰু তেওঁক দুষ্ট লোকে বহু পিৰা দিলে,