পাতিলেক স্ৰিষ্টিৰ দুয়োকো অধিকাৰি।
সকলোকে স্ৰজি পাচে চ দিনৰ মুৰতে
বিস্ৰাম কৰিলে প্ৰভু সপ্তম দিনতে;
জানি জত্নে ইস্বৰৰ আগ্যা সিৰে ধৰি
সপ্তম দিনক সবে থাকা মান্য কৰি।
আৰু কহোঁ সুনা কথা আদি পুৰুসৰ,
স্ৰজিলে ইস্বৰে তাক নিস্পাপি অমৰ;
কিন্তু চইতানৰ ফান্দে পৰি নাৰি নৰে,
সুস্বভাৱ তেজি পাচে অধৰ্ম আচৰে;
এই হেতু জগতৰ জত নৰগণ
সকলোতে সদা কৰে মন্দ আচৰন।
মিচা বাক্য, প্ৰবঞ্চনা, পৰ ধন হৰে,
বধ, হিংসা, বেস্যা আদি সৰ্বজনে কৰে।
এই হেতু ইস্বৰৰ ক্ৰোধে প্ৰজলিত
আঠজন বিনে সব মাৰিলে পানিত।
সেই নৰ বংসে পাচে ভৰিল ধৰনি
পুনৰ্বাৰ পাপ কৰে সেই সব প্ৰানি।
ধৰ্ম আগ্যা প্ৰভু প্ৰকাসিলে এই কাৰণ,
জানি জত্নে সুনিয়োক থিৰ কৰি মন।
মোৰ বিনে ইস্বৰ বুলি কাকো নেমানিব,
স্বৰ্গে মৰ্ত্যে কাৰো পুতলাক নুপুজিবা;
অকাৰনে নলয়োক ইস্বৰৰ নাম,
সপ্তম দিনক স্মৰি কৰিব বিস্ৰাম;
নিজ পিত্ৰি মাত্ৰি জানি কৰা সমাদৰ,
অকাৰনে নবধিবা জিৱ মানুহৰ;
পৰ তিৰি, পৰ ধন নকৰা হৰন,
মিচা সাখি নিদিবাহে নৰৰ কাৰন।
ইহাৰ বিৰোধে জত সান্ত্ৰ নিৰুপিত।
জানিও অসত্য তাহা মিচাতে কল্পিত।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
অসমীয়া সাহিত্যৰ চানেকি