পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
নিস্তাৰৰ উপাই।

পুৰ্বৰ ব্ৰিতান্ত সব কিচু নাহি জানে,
কিন্তু নানা প্ৰকাৰতে এই মাত্ৰ মানে;
ইস্বৰৰ লিলা সব কহে বিচাৰিয়া,
আৰু মায়া কৰ্ম কহে মনতে ভাবিয়া।
এবে কহোঁ কিছু কথা, তাতে দিয়া মন,
সুনিওক অতি স্বাদ অম্ৰিত বচন।
প্ৰথমে প্ৰিথিবি স্বৰ্গ স্ৰজিলে ইস্বৰ,
পাচে আপোনাৰ আগ্যাই স্ৰজিলে পহৰ।
পহৰৰ পৰা পাচে অন্ধকাৰ ভিন,
কৰি দিলে দিন ৰাতি প্ৰভু দুই চিন।
দুতিয় দিনতে প্ৰভু আকাস স্ৰজিয়া।
সুন্য মধ্যে ৰাখিলন্ত দুভাগ কৰিয়া।
ত্ৰিতিয় দিনতে দেখা প্ৰভুৰ আগ্যাতে
একত্ৰ কৰিলে জল, সিন্ধু হইল তাতে;
দেখা তাতে থিতি হৈল সুস্ক ভুমি থল,
তাহাতে জন্মিল ব্ৰিখ্য ত্ৰিনাদি সকল।
চতুৰ্থ দিনতে প্ৰভু আপোন বাক্যতে,।
সুৰ্জ চন্দ্ৰ স্ৰিষ্টি কৰি ৰাখিলে সুন্যতে।
দিন অধিকাৰ সুৰ্জ, চন্দ্ৰ নিসাপতি,
তাতে হৈল দিন, মাস, বচৰ প্ৰভ্ৰিতি।
এই ৰুপে জত বস্তু দেখিচা জগতে,
স্ৰজিলে সকলো প্ৰভু আপোন সক্তিতে।
স্ৰিষ্টি স্ৰজনৰ পাচে ঠাৱৰ কৰিলে,
মনুস্যক প্ৰিথিবিৰ ধূলিৰে স্ৰজিলে;
তাৰ নাকে স্বাস দিয়া কৰিলে জিৱন্ত,
আদমৰ নামতে খ্যাতি মহা বলৱন্ত।
আদমৰ পৰা পাচে ললে কামি হাৰ,
নাৰি ৰুপে স্ৰজিলন্ত সৰিল হাৱাৰ।
এই ৰুপে স্ৰজি প্ৰভু দুই নৰ নাৰি