অৱতাৰ ভৈলা দেহা ধৰি মানুস্যৰ।
আস্ৰই কৰাহে খ্ৰীষ্টত, কাল ব্ৰেথা যাই,
খ্ৰীষ্টৰ চৰণ বিনে নাহি অন্যোপাই।
হিন্দু লোকে মানি থাকে নানা অৱতাৰ,
অল্প কৰি কহোঁ মই ব্ৰিতান্ত তাহাৰ।
মতস্য ৰুপে অৱতাৰ ভৈলা প্ৰথমতে,
উধাৰিলা চাৰি বেদ প্ৰলয় জলতে।
কুৰ্ম অৱতাৰ ভৈলা খিৰু দধি তিৰে,
ৰাখিলা মন্দাৰ গিৰি পিঠিৰ ওপৰে।
ত্ৰিতিয় বৰাহ ৰুপে ভুমি উধাৰিলে,
হিৰৈন্যাখ্য মহা বিৰ দৈত্যক বধিলে।
নৰসিংহ অৱতাৰ চতুৰ্থতে ভৈল,
হিৰৈন্যকসিপো নামে অসুৰ বধিল।
বামন ৰুপে অৱতাৰ ধৰে পঞ্চমতে,
পৰম ধৰ্মিষ্ট ৰজা বলিক চলিতে।
সষ্ঠতে পৰসুৰাম খেত্ৰি বংস নাসে,
সপ্তমতে ৰামচন্দ্ৰ বাখ্যস বিনাসে।
আষ্টে অৱতাৰ ক্ৰিষ্ণ হৈয়া গকুলত,
কংস ৰজা মাতুলক বধিলে তাহাত।
নৱমতে বুধদেৱ বেদ কৰি নাস,
দিয়োদাস ৰজাৰ গুচাই সৰ্বআস।
এইৰুপে ধৰিআচে নৱ অৱতাৰ,
নাহি পাব তাৰ পৰা পাপৰ নিস্তাৰ;
জিহেতুক তাৰা সবে ত্ৰান নেসাধিলে,
নিজ নিজ সুখ মাত্ৰ সদায়ে ভুঞ্জিলে।
জি সবে সুনিয়া আত ভাৰসা কৰিব,
নিচয়ে জানিব সিতো নৰকে পৰিব।
পাপৰ বিষয়ে আচে নানা মত গ্যান।
জগতৰ লোকে কহে কৰিয়া প্ৰমান।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
অসমীয়া সাহিত্যৰ চানেকি।