পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
অসমীয়া সাহিত্যৰ চানেকি

সংহাৰ কৰিলে, আৰু ৰজাও তেওঁৰ হাতত পৰিল। এই ৰনত মহমদে বহুলুট কৰা বস্তু পালে, আৰু জইপাল ৰজাৰ সোলে ধাৰ মুকুতাৰ হাৰ পালে, সেই প্ৰতিহাৰৰ মূল্য এক লাখ আসি হেজাৰ টকা হই। তাৰ চাউনিতো এই ৰূপে বহু লুট কৰা বস্তু। লোকবিলাকে পাইচিল। জইপাল বজাও বহু ধন দি পাচেও অনেক ৰাজকৰ দিম বুলি চিকাৰ কৰাত মুকলি হল। পূৰ্বে ভাৰতবৰ্সত এনে ৰিতি আছিল, কোনো হিন্দু ৰজা জদি মচলমানৰ দোআৰাই দুবেলি ৰণত পৰাজই হই, তেন্তে সেই ৰজা সিংহাসনত বহিবলৈ আৰু অযোগ্য, সেই কাৰণে ৰজা জইপাল অপমানত অতি লাজ পাই, আপোনাৰ ৰাজভাৰ আপোন পুত্ৰৰ হাতত সমৰ্পন কৰিলে, আৰু চিতা জুগুত কৰি আপোন সৰিল পবিতিয়াগ কৰিলে, তেওঁৰ পুত্ৰ আনন্দপাল সেই বচৰতে বাপেকৰ সিংহাসনত বহিল।

  Mahomed's Second and Third Expeditions.

 মহমদৰ দুতিয় বাৰ জুধব কালত নতুন ৰাজ্য আৰু ধন পোআৰ আসাতকৈ পুৰ্বে পাতি থোৱা ৰাজ্য ৰাখিবলৈ ইচা আচিল।

 আনন্দপালৰ অধিন বেখিৰা নামে এক মানুহে ৰাজকৰ দিবলৈ আটক কৰিচে, এনে মিচাৰে চল কৰি ১০০৪ সঁকত মহমদ ত্ৰিতিয় বাৰ এই ভাৰতবৰ্সত ৰন কবি- বলৈ জুগুত হল। বেখিৰাৰ ৰাজধানি মুলতানৰ ওচৰত তহিৰা নামে নগৰ অতি সকতকৈ সজা হৈচিল, আৰু ৰজা ইমান সাহিয়াল হৈ আপোনাক ৰাখি থকা দেখি মহমদে তাত নিচই ত্ৰাস হল; কিন্তু সেসত বেখিৰাই উপাই নেদেখি আপুনি গৰৰ মাজলৈ পলাই গল, তাকে জানি মহমদে তেতিখনে সেই গৰ আব্ৰিত কৰি ধৰিলে। বেখিৰাই সেই গৰত আপোনাক ৰখ্যা কৰিবলৈ অতি সঙ্কটৰ ঠাই হেন জানি কটক সৈন্য লগতলৈ তাৰ পৰা পলাই গল। মহমদে এই বাত্ৰা পাই, আপোনাৰ সৈন্য বিলাকক দুভাগ কৰিলে, তাৰ এভাগক সেই পলোআ ৰজাক বিচাৰিবলৈ পঠালে, আন ভাগ সেনা লই আপুনি সেই গৰ অতি জতন ৰূপে বেৰিলে। বেখিৰা ৰজাই আপোন প্ৰান ৰাখিবলৈ কোনো উপাই নেদেখি সবিলাকৰ মাজেদি তৰোআলৰ দোঅৰাই পথ কৰি পলাবলৈ জতন কৰিলে, কিন্তু মহমদৰ সেনাই তেওঁৰ বহু সৈন্য- বোৰক সংহাৰ কৰি অৱসেস সেনা জিবোৰ আচিল সেই বোৰক বন্দিকৈ ধৰিলে। এই দুৰ অৱস্থাৰ পৰা ৰখ্যা পাবৰ কাৰণে বেখিৰাই আপোন হিয়াত অস্ত্ৰ মাৰি