পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
হিন্দুস্থানৰ বুৰঞ্জি

ভিতৰত ভৰাই বন্দি কৰি ৰাখিব খুজিচিল, পাচে সেই পিঞ্জৰাতে মহমদে তেওঁক কইদ কৰি ৰাখিলে। তাৰ পাচত মহম্মদ জই হৈ সিংহাসনত ৰহিল, আৰু আপোন ভায়েকে সৈতে জুধ কৰোতে জি সৰু সৰু ৰজাবিলাকে তেওঁৰ অহিতে আচৰণ কৰি- চিল, সিবিলাকক দমন কৰি ভাৰতবৰ্সক আক্ৰমন কৰিবলৈ উপাই কৰিলে।

Mahomed's first Indian Expedition.

 গজনিৰ সিংহাসনত উঠিবৰ কালত মহমদে প্ৰতিগ্যা কৰিলে, বেলে, মই। আপোনাৰ সকলো সৈন্য লৈ হিন্দুস্থান নিবাসি দেও পুজকবিলাকক আক্ৰমন কৰিম। মহমদ জি বাৰে বেলিএই ভাৰতবৰ্স লৈ আহি লৰা বুৰা আদি কাকো দয়া নকৰি ৰজাবিলাকৰ ৰাজ ঘৰ, আৰু দেৱতাবোবৰ মন্দিৰ লুট কৰি সমথল কৰিলে, আৰু স স বচৰৰে পৰা সাঁচি থোৱা জি ধন সম্পতি ভাৰতবৰ্সত আচিলে, সেই সক- লোকে লৈ আপন দেসলৈ গৈচিল, সেই বাৰেবেৰিল প্ৰথম বেলি ভাৰতবৰ্সলৈ আহোঁতে ১০০০ সঁক হৈচিল।

 সিন্ধু নদি পাৰ হৈ তেওঁ লাহোৰ নগৰক প্ৰথমে আক্ৰমন কৰিলে সেই লাহোৰ নগৰ হিন্দুস্থানৰ অতি বৰ লাভব ঠাই আচিল , সেই দেসেদি সতদ্ৰু, বিষাঢ, চন্দ্ৰভাগা, ঐৰাৱতি, আক বিতস্তা,এই পাচ নদি বই, সেই কাৰণে তাৰ নাম পঞ্জাব অৰ্থাত পাচ পানি বেলে , সিন্ধু নদি আৰু দিলি এই দুয়োৰো মাজতে লাহোৰ দেস, দিঘলে ১৮০ ক্ৰোচ, পথালিযে ৮৬ ক্ৰোচ। লাহোৰ নামে সেই প্ৰদেসৰ ৰাজধানি অতি পুৰনি নগৰ, গৰু কোনো কোনো এ ভাবে বোলে, চিকন্দৰ মহা বাদস্যাই সেই নগৰ সাজিলে। লাহোব হিন্দুস্থানৰ অহা জোআ কৰা বাট, সেই নিমিতে দুয়ো ফালৰ বাদসাবিলাকৰ জুধত সেই নগৰৰ ওপৰত সদাই আপদ জনমে, তাতে সেই প্ৰদেস আন সকল প্ৰদেসতকৈ তেজেৰে পুৰ হৈচিল, তাত বাহিৰে সেই দেসব লোকবিলাক অতি সাহিল। সেই কালত লাহোৰ নগৰ জইপাল ৰজাৰ অধিন আচিল, চবুক্তগিন বাদসাই তাক আগেয়ে জই কৰিচিল, তথাপি তেওঁৰ পুত্ৰ মহমদ বাদস্যাৰ সহিত ৰন কৰিবলৈ জই পাল ৰজাই বিমুখ নহল, কিন্তু ১২,০০০ ঘোৰা চিপাহি আৰু ৩০,০০০ সেনা আৰু ৩১০ হাতি জুগুত কৰি মহমদৰ লগত জুধ কৰিলে। তাতে দুয়োফালৰ অতি ঘোৰ জুধ হল। মহমদ সেনা অলপ হোআতো তেওঁ জইপাল ৰজাক জই কৰি, জইপাল ৰজাক ৫০০০ সৈন্য