পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
হিন্দুস্থানৰ বুৰঞ্জি

প্ৰান তিয়াগ কৰিলে। পাচে সেই ৰাজধানি নগৰ নিচয়ে মহমদৰ অধিন হল, আৰু সেই নগৰৰ ধন আৰু অলঙ্কাৰ সকল তেওঁ গজনিৰ নগৰলৈ পঠাই দিলে, আৰু সেই ৰাজ্যখন তেওঁ আপোনাৰ ৰাজ্যে সৈতে মিলাই ললে।

Fourth Exploitation-Multan taken.

 চতুৰ্থ বাৰ মহমদে কেবল মূলতানৰ নিমিতেহে গমন কৰিচিল; কিয়নো সেই সময়ত মুলতান দেস দাউদৰ অধিনত আচিল, আৰু দাউদে মহমদৰ অধিন হবলৈ স্বিকাৰ নকৰিলে। সেই দেস সিন্দু, নদিৰ পূব ফালে, আৰু তাৰ সিমা এই সিন্ধু নদিব জাব নোআৰা ঠাইৰ পৰা সাগৰ প্ৰবেস কৰালকৈ হৈচিল; তাৰ দিঘলে ১৮৩ ক্ৰোচ, আৰু বহলে ১০৮ ক্ৰোচ নিৰুপন কৰা হৈচিল। আগৰ কালত তাৰ ৰাজধানি অতি বহল আৰু দিঘল আচিল। আৰু তাৰ গৰৰ ওপৰত ১০০০ বুৰুজ আচিল, আৰু সেই কোঁঠৰ অনেক অনেক চিন এতিয়া লৈকে আছে। মহমদৰ বহুত সৈন্য আচিল, কিন্তু তেওঁৰ আপোনাৰ দুই সত্ৰুৰ লগত অৰ্থাত দাউদে সৈতে আক জিঢে তেওঁক নিতে পতি দুখ দিবলৈ জতন কৰিচিল, সেই আনন্দ পাল ৰজাৰ লগতো জুধ কৰিব লগা হল। আনন্দপাল ৰজাৰ সৈন্য অধিক হলেও সাহ আক ৰণৰ বিদ্যা ও নিচেই হিন হৈচিল, কিয়নো চুলতানৰ দোআৰাই বনত হাবি কাস্মিৰ নগৰলৈ পলাইগল। মহমদে সকলো সৈন্য সৈতে মুলতানক আক্ৰমন কৰি। নিচেই ঢিল ভাবে তাৰ ওপৰত অধিকাৰ হল। পাৰ্চিৰ ইতিহাস লিখক সকলে সেই নগৰৰ লুট কৰা কথা লিখা নাই হই, কিন্তু তাৰ বেপাৰ আৰু ঐস্বৰ্জৰ দোআৰাই মহমদে বহুত বস্তু লুট কৰি নিলে বুলি জনা জাই। দাউদে প্ৰথমে হাবিত পলাই আচিল, পাচে মহমদে সেই কথা বুজ পালে, কিন্তু অধিক ৰাজকৰ দিম বুলি কথা বন্ধাত মহমদে পুনৰবাৰ তেওঁক সিংহাসন এৰি দিলে।

Fifth Expedition—Defeats seven Hindu Rajas.

 ১০০৮ সঁকত আনন্দপাল ৰজাই লোকৰ অধিনত নেথাকোঁ বুলি অথিৰ হৈ মহমদৰ হাতৰ পৰা মুলতান লবলৈ কাৰ্বাৰ কৰিলে, সেই কাৰনে চুলতানে ক্ৰোধ কৰি পঞ্জাব নগৰৰ ওপৰত অপোনাৰ ক্ৰোধ ব্ৰিষ্টি কৰিবলৈ জুগুত হল। এই নিমিতে তেওঁ পঞ্চম বাৰ ভাৰতবৰ্স আক্ৰমন কৰিবলৈ আৰম্ভন কৰিলে। আনন্দ-