পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
অসমীয়া সাহিত্যৰ চানেকি

 হাইদৰাবাদ, নানদিৰ আৰু বিদৰ, এই তিন প্ৰদেস নিজামৰ ৰাজ্য, নিজাম আলি ইন্সৰাজৰ কৰতলিয়া। তেওঁৰ ৰাজধানি হাইদৰাবাদ নগৰ; তাৰ ওচৰত গলকণ্ডা নগৰ, জত হিৰাৰ আকৰ আচে।

 বেৰাৰ বা বিৰাটপ্ৰদেস নাগপুৰৰ ৰজাৰ অধিন, কিন্তু তেওঁ ইন্সৰাজৰ কতলিয়া। এই প্ৰদেসৰ ৰাজধানি নাগপুৰ।

 দখিন দেশৰ সাগৰৰ তিৰত উৰিয়া প্ৰদেস, তাৰ লোকবিলাকৰ ভাসা বেলেগ। তাৰ প্ৰধান নগৰ বালেস্বৰ আৰু কটক। কটকৰ গুৰিত জগনাথ খেত্ৰ, তালৈ অনেক জাত্ৰি জাই।

 চৰকাৰ প্ৰদেসো সাগৰৰ তিৰত। কম্পানিয়ে আদিতে এই প্ৰদেসৰ অধিকাৰ পালে। ইয়াত নানা বিধিয়া কাপৰ কৰে, ঘাই চিট।

 দখিন দেসৰ পচিমে সাগৰৰ এক উপদিপত বম্বাই নামে এক মহা নগৰ, সি ইন্সৰাজৰ, ৰাজ্যৰ তিনি ৰাজধানিৰ ভিতৰত এক ৰাজধানি, আৰু তাত বানিজো হই। এই নগৰৰ ধনৱন্ত লোক অনেক পাচি; তাত দুই লাখ কুৰি হেজাৰ মান মানুহ আচে। বম্বাইত এজন গবৰ্নৰ আৰু এখন সভা থাকে।'

লৰাৰ মিত্ৰ।