পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
লৰাৰ মিত্ৰ।

আৰু মচলমান লোক আচে, কিন্তু মচলমানবোৰ অতি দুখিয়া; উতৰ পচিমৰ মানুহবোৰ আফগান চিক বা সিংহ বিলাক বৰ সক্তিমন্ত, আৰু হিন্দুস্থানৰ সকলো লোকতকৈ সাহিয়াল, সৈন্য প্ৰায়ে ঘোৰাত উঠি ৰন কৰে। সিহঁত ম্ৰিদু নহই, বৰকৈ এটাহ পাৰহে কথা কই। চিক বোবে মদ, আফিঙ্গ, ভাঙ্গ বৰকৈ খাই, আৰু বগাহৰিকো খাই। লাহোৰ পুবে নানা সৰু সৰু ৰজাৰ অধিন আচিল, পাচে ৰঞ্জিত সিংহে অধিপতি হল, কিন্তু এতিয়া তেওঁব বংসৰ দলিপ স্মিংহ ৰজা। থকাত ইসৰাজৰ সৈতে ৰন লগাত লাহোৰ দেস ইন্সৰাজৰ অধিন হই গৈচে। চিক লোকে গুৰু নানকৰ মতে চলে সিহতৰ ভাসা আৰু আখৰ বেলেগ। লাহোৰ ৰাজধানি লাহেব নগব, সি পুবে মহানগৰ অচিল, আৰু এতিয়াও বজাৰ থকা ঠাই, তাই অনেক উ তম ঘৰ আচিল, সেই বোব নষ্ট হৈ গৈছে, তেও জেহাংগিৰ বাদস্তাব জি মৈদাম, সি তাকল আগ্ৰাৰ তাজমহলিতকৈহে সৰু। লাহোৰত অমবেস্বৰ নামে এক তিৰ্থ থকা নগৰ গাঁচে, তালৈ অনেক জাত্ৰি জাই।

 নৰ্মদা নদিৰ দখিনে দখিন দেস, তাৰ সমুদ্ৰব তিৰৰ ঠাইত বাজে গোটেই ঠাই ওখ আৰু অনেক সস্য হই। দখিনত প্ৰধান প্ৰদেস খাচে , আওৰঙ্গাবাদ, বিজয়পুৰ, হাইদৰাবাদ, ইত্যাদি নিজামআলিৰ দেস, বিৰাট ৰজাব দেস অৰ্থাত বেৰাৰ, উতকল অৰ্থাত উৰিয়া, আৰু উতৰ চৰকাৰ।

 খান্দেচ প্ৰদেসৰ নিচিনা জুধলৈ ভাল ঠাই প্ৰিথিবিত নাই, তাত সিলৰ গৰ ইত্যাদি জিবোৰ কোঠ আচে, তাক মানুহে কৰা নহই, কিন্তু স্বভাৱিক পৰ্বতৰ দোআৰাই হৈছে। ইয়াৰ ৰাজধানি পুৰে ৰহানপুৰ আচিল, ইন্সৰাজৰৰ সেয়েই ৰাজনগৰ হৈছে।

 খান্দেচৰ দখিনে আওৰঙ্গাবাদ আৰু বিজইপুৰ এই দুই প্ৰদেস, তাৰ ভুমি সমান নহই, কোনো কোনো ঠাই পবতিয়া। খন্দেচৰ দৰে ইয়াতো অনেক স্বাভাবিক কোঠ আছে আৰু মহাৰাষ্ট্ৰবিলাকৰ এই মুল ঠাই; সিবিলাকৰ ৰাজধানি পুন্য গ্ৰাম নামে এখন বৰ নগৰ আচিল, সি এতিয়া ইসৰাজৰ অধিন। চাটাৰ নামে এক নগৰ আচে, তাতে ইঙ্গজে পেচুআক ভাঙ্গি এক ৰজা আপিচে। পুৰ্বৰ ৰাজধানি জি বিজইপুৰ, সি অতি প্ৰধান নগৰ, আৰু তাৰ কেঁঠ অতি ডাঙ্গৰ। আওৰঙ্গাবাদ, দৌলতাবাদ, আৰু দুই পুৰনি নগৰ আচে। দৌলতাবাদৰ ওচৰত এলোৰাৰ আচৰিত ৰকম সকল আচে; এখন পৰ্বতক খুলি নানা মন্দিৰ কৰিচে, আৰু তাৰ ভিতৰত সুন্দৰ সুন্দৰ মুতিবিলাক আচে।