পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
অসমীয়া সাহিত্যৰ চানেকি।

শ্ৰীৰামপুৰ, চন্দন নগৰ, হুগলি ইত্যাদি নগৰ আচে। আৰু ৬০ ক্ৰোচ উজাই গঙ্গা নদিৰ পাৰত মুৰ্চিদাবাদ চহৰ, সি পুৰ্বে বঙ্গাল দেসৰ ৰাজধানি আচিল এতিয়াও নবাবৰ বাস থান। এই নগৰত চেউলি, বালিচৰি, চাটন ইত্যাদি অনেক বিধৰ সুন্দৰ পাতৰ কাপৰ হই। ঢাকা নামেৰে আৰু এখন বিচখ্যান নগৰ আচে, সিও পুৰ্বে ৰাজধানি আচিল, এতিয়াও বৰ বানিজৰ থান, ডেৰ লাখ মান মানুহ আচে। প্ৰিথিবিৰ মাজত জি অতি উতম মলমল কাপৰ, সেয়েই ঢাকাত হই। এই বিলাক নগৰত বাজে মালদা, গৌৰ আৰু ৰাজমহল, এই তিনি নগৰ পুৰ্বে ৰাজধানি অচিল। বঙ্গাল দেসত তিনি কোটিতকৈ সৰহ মানুহ আছে।

 বেহাৰ অৰ্থাত মগধ প্ৰদেস বঙ্গালৰ পচিমে; সি অতি উৰ্বৰা ঠাই আৰু নানা সস্য হই; প্ৰধানকৈ আঙ্গি আৰু জখাৰ উতপন হই। বেহতি প্ৰধান নগৰ বিলাক গঙ্গাৰ তিৰত; প্ৰথমে মংগেৰ নামে এক আগৰ ৰাজনগৰ। তাৰ পৰা অলপ ভাটিত ভাগলপুৰ নদিৰ পৰা অলপ দুত বেহাৰ নামে নগৰ, সি পুৰ্বে ৰাজ- ধানি আচিল। কিন্তু আটাইতকৈ প্ৰধান গঙ্গা নদিৰ তিবত পাটনাই অনেক দিনিয়া নগৰ; অনেক মচিদ আৰু মন্দিৰ আচে। পাটনাৰ , ওচৰত দানাপুৰ, তাৰপৰা ২৫ ক্ৰোচ দখিনে গয়া নামেৰে এক নগৰ, গঙ্গাত আহি পৰা এক নদিৰ পাৰত, ই এখন বৰ হিন্দু তিৰ্থ; এতেকে তালৈ অনেক জাত্ৰি জাই।

 এলাহাবাদ প্ৰদেস গঙ্গাৰ উত আৰু দখিন দুয়ো পাৰে বিয়াপিচে। তাত প্ৰধান নগৰ কাসি বা বানাৰচ, সি গঙ্গা নদিৰ তিৰত, আৰু বৰ মহানগৰ; তাৰ ঘৰ বোৰ পকি সাত তলালৈকে ওখ, অনেক দেও মন্দিৰ আৰু মচিদ আচে, আৰু হিন্দু সকলৰ প্ৰধান তিৰ্থ হেতুকে তালৈ অসংখ্যা জাত্ৰি জাই। আৰু আকবৰ বাদ্‌স্যাই এক কোটি কুৰি লাখ ধন ভগন কৰি সজোৱা ৰাজ কেঁঠো এই নগৰতে। প্ৰয়াগৰ ওচৰত মিৰ্জাপুৰ নামে এক বানিজৰ নগৰ। এলাহাবাদত বন্দেলখও নামে এক খণ্ড আচে, তাত হিৰাৰ আকৰ আচে। তাৰ ঘাই নগৰ কলিঙ্গা, আৰু গঙ্গাৰ পাৰত কানপুৰ নামে নগৰ।

 অজোধ্যা ৰাজ্য উৰা আৰু বেহাৰৰ সিমাত, তাক নবাবে সাসন কৰে, কিন্তু ইঙ্গৰাজৰ কৰতলিয়া। তাৰ ৰাজধানি গোমতি নদিৰ পাৰত লখনৌ নগৰ, তাত। নবাব থাকে; আৰু সি বৰ ডাঙ্গৰ নগৰ, তাত তিনি লাখ মান লোক আচে। তাৰ নবাব থকা ঘৰ, মচিদ, মৈদাম বৰ আচৰিত, চালবোৰত সোন লগাইছে, আৰু কনস্তান্তিয়া নামে জি মাৰ্তিন চাহাবৰ এক ঘৰ আচে, তাক সাজোঁতে ১৫ লাখ