পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
লৰাৰ মিত্ৰ।

ৰূপ ভগন হৈছে, অজোধ্যা নগৰ আৰু ফাহঁজাবাদ পুৰ্বে ৰাজধানি আচিল।

 আগ্ৰা প্ৰদেশত জাৰ, আৰু ত'ত নদিৰ পৰা ক্ৰিসি কৰমৰ লাভ নাই, তাৰ প্ৰধান অলঙ্কাৰ আগ্ৰা নগৰ। আকবৰ বাদস্যাই এখন গাঁৱৰ পৰা আগ্ৰাক আচিয়াৰ এক মহানগৰ কৰিলে; সি এতিযা হ্ৰাস হল, তেও জেহাংগিৰ বাদাস্যাই তেওঁৰ কুঁঅৰি নুৰজেহানৰ নাম ৰাখিবলৈ তাজমহাল নামে জি মৈদাম সজাইছিল, তাৰ সমান মৈদাম প্ৰিথিবিত কতো নাই; সি গোটেই বগা শিলৰ, আৰু তাক কৰোঁতে পাঁচসতৰি লাখ ধন ভগন হৈচিল। আগ্ৰা নগৰৰ ওচৰতে চিকন্দৰাবাদ। নামে এক অপুৰ্ব নগৰ, তাতে বগা সিলেৰে সজা আকবৰষ্যাৰ মৈদাম আচে। মথুৰা নামে এক নগৰ আচে, সিও প্ৰধান হিন্দু তিৰ্থ। আগ্ৰা প্ৰসেৰ দোআব অৰ্থাত অবৈধ জি ডোখৰ, তাতে কানৌজ নামে পুবৰ নগৰ। জমুনা নদিৰ পচিমে ভৰপুৰ, গোআলিয়ৰ ইত্যাদি কোঠ আচে। আগ্ৰাৰ উতৰে দিলিৰ প্ৰদেস, সি উব ৰা নহই, তাৰ ঘাই নগৰ জমুনা নদিৰ পাৰত দিলি। সি পুৰ্বে এখন ইন্দ্ৰপ্ৰস্থ নামে হিন্দু মহানগৰ অচিল, কিন্তু স্যাজেহান বাদস্যাই তাক মগল ৰাজ্যৰ ৰাজধানি কৰিলে, আৰু এতিয়াও দিলিৰ বাদস্যা এই নগৰতে বাস কৰে। দিলি নগৰ এতিয়া হ্ৰাস হল, আৰু নানা ৰুপৰ ঘৰবোৰ ভাগি আচে, তেও অনেক আচৰিত ঘৰ মৈদাম আৰু মচিদ আছে। আওৰঙ্গজেব বাদস্যাব জিএকে জুমা মচিদ নামে জি ৰঙ্গা সিলৰ মচিদ এটা কৰাইচিল, তাৰ নিচিনা ভাৰতবৰ্সত নাই। কুতুব মিনাৰ নামে এটা বুৰুজ আচে, সিও সামান্য নহই। দিলি প্ৰদেসত মিট নামে আৰু এক নগৰ আচে।

 আজমিৰ বা ৰাজপুতান অতি ডাঙ্গৰ এক প্ৰদেস, তাতে ৰাজপুতবিলাক বাস কৰে; ভাৰতবৰ্সত এই জাতি লোকহে অতি বলিষ্ট আৰু সাহিয়াল; এই প্ৰদেশ প্ৰায় পৰ্বতিয়া আৰু মৰুভুমি। সি নানা ৰজাৰ অধিন, প্ৰধান মাৰোআৰ, মেৱাৰ আৰু জইপুৰ, এই তিন ঠাইৰ ৰজা। মাৰোআৰৰ ৰজা আটাইতকৈ পৰাক্ৰমি, তেওঁৰ ৰাজধানি জোধপুৰ তেওঁ স্বাধিন, কিন্তু ইঙ্গৰাজৰ পৰাক্ৰম স্বিকাৰ কৰে। মেৱাৰৰ ৰজাক ৰানা বলে, তেও মাৰোআৰৰ ৰজাৰ তুল্য নহই, তেওঁৰ ৰাজধানি উদয়পুৰ। জইপুৰ বা জইনগৰৰ ৰজাও প্ৰধান, তেওৰ ৰাজধানি জইপুৰ অতি সুন্দৰ আজমিৰ প্ৰদেসৰ ৰাজধানি জি আজমিৰ, তাত কোণো ৰজা নেথাকে। এই বিলাক ৰাজ্যৰ পচিমে বালিমই মৰুভুমি এডোখৰ আছে, কিন্তু