পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
জাত্ৰিকৰ জাত্ৰা।

 তেতিয়া খ্ৰিষ্টিয়ানে বোলে, আভুয়া মানুহে জিহেৰে পথ হেৰুআই এনে আওঁ বাট সোঁ বাট বেঁকা বেকি নাইনে?

 হিত-বাঞ্চক। আচে, ইয়াৰ পৰা অনেক বাট এফলিয়া হৈ গৈচে, কিন্তু সেই বোৰ হলে বেঁকা আৰু বহল; ইটো নিচেই পোন আৰু ঠেক, এই চিনেৰেহে স্বৰুপ পথ জানিবা।

 তাৰ পাচে মই সমাজিকত এনে দেখিলোঁ, খ্ৰিষ্টিয়ানে আৰু সুধিলে বোলে, মোৰ পিঠিত জি বোজা, তাক বা অপুনি গুচাব পাৰে নে? কিয়নো তেতিআও তাৰ পৰা মুকলি হোআ নাই, আৰু লোকৰ উপকাৰৰ বাহিৰে তাক কোনো ৰুপে গুচাবলৈ খ্ৰিষ্টিয়ানৰ একো সক্তি নাচিল।

 তেতিয়া তেওঁ কলে. তোমাৰ বোজা হলে, তুমি মুক্তি হোআ ঠাই নোপোআ মানে, তাক বৈ থিৰ মনে সহি থাকা; কিয়নো সেই ঠাই পালে সি আপুনি তোমাৰ পিঠিৰ পৰা খহি পৰিব।

 তেতিয়া খ্ৰিষ্টিয়ানে কমৰ বান্ধি জাত্ৰালৈ আপোনাক জুগুত কবিলৈ ধৰিলে। তাতে হিত-বাঞ্চকে কলে, বোলে, দুআৰৰ পৰা অলপ দুৰ হৈ গলে তুমি অৰ্থ দায়কৰ ঘৰ পাবা; তেও তোমাক অতি উত্তম কথা দেখুআব। তেতিয়া খ্ৰিষ্টিয়ানে আপোনাৰ মিতিৰ হিত-বাঞ্চকত বিদাই লোআত, ইস্বৰে তোমাৰ মঙ্গল কৰোক বুলি, তেওঁ পঠাই দিলে।