তাতে হিত-বাঞ্চকে কলে, হাইহাই, কেনে অগিয়ানি! স্বৰগৰ ঐস্বৰ্জ পাবৰ
নিমিতে সি জে অলপ দুখ সঙ্কট সহিবলৈ তাক জোগ্য নেদেখে, সেই অতুল্য
ঐস্বৰ্জ তাৰ মনত এইমান অপ্ৰিয় হৈছেনে?
খ্ৰিষ্টিয়ানে বোলে, হই, তৰলৰ কথা মই জি কলো স্বৰুপ; আৰু মোৰ
আপোনাৰ সকলো কথা সত্য ৰুপে জদি সৈ কাৰ্হো, তেন্তে তৰলৰো মোৰা কৰম
বেলেগ নহই, ইয়াকে দেখা জাব; সি আপোনাৰ ঘৰলৈ উভতি গৈচিল হই, কিন্তু
ময়ো সংসাৰগিয়ানি নামে এজন লোকৰ কথাৰে ভুল হৈ, মৰনৰ পথত জাবলৈ বাটৰ
পৰা এফলিয়া হৈ গলোঁ।
হিত-বাঞ্চক। অৱাই, সেই জনক লগ পালা নে? জিৰনি বিচাৰিবলৈ সি
তোমাক বিধান সিখ্যক মহাজনৰ ওচৰলৈ পাচিব খোজে, হব লাগে; সিহঁত দুয়ো
নিচেই ভাঁৰি কোআ; কিন্তু তুমি তাৰ আলচ ললানে?
খ্ৰিষ্টিয়ান। হই, জিমানলৈ সাহ থাকিল, সেই মানলৈকে তাৰ বুধিত চলি বিধান
সিখ্যক মহাজনক বিচাৰি বিচাৰি তাৰ ঘৰৰ ওচৰত থকা জি পৰ্বত, সি মোৰ মুৰত
পৰে জেন দেখিলোঁ; এই হেতুক আৰু, জাব নোআৰি তাতে ৰলোঁ।
হিতবাঞ্চক। সেই পৰ্ব্বত অনেক লোকৰ মিত্যুৰ কাৰন হল, আৰু পাচলৈকো
হব; তুমি জে তাৰ তলত গুৰি নোহোআকৈ সাৰিলা, এয়ে তোমাৰ সুভাগ্য।
খ্ৰিষ্টিয়ান। স্বৰুপ, আতা, কিন্তু মই তাতে সংসয়েৰে চিন্তাকুল হৈ থাকোতে
উপদেসকে দৈবাত আকও মোক লগ নেপোৱা হলে, মোৰ কি গতি হল হেঁতেন, নে,
জানো; তেওঁ ইস্বৰৰ অনুগ্ৰহতহে মোৰ ওচৰলৈ আহিল; সেয়ে নোহোআ হলে,
মই এই ঠাই কেতিয়াও নেপালোঁ হেঁতেন। তেও আহিলো, এনে অধম মানুহ জি
মই, মই আপোনাৰ আগত থিয়হৈ এই দৰে কথা কবৰ জোগ্য নহওঁ, সেই পৰ্ব্বতৰ
তলত মৰাৰে জোগ; ইয়াতে জে সোমাবলৈ পালোঁ, অস, মোলৈ কেনে অনুগ্ৰহ!
হিত-বাঞ্চক। ইয়ালৈ অহাৰ আগৈএ জি কি কৰা নহওক, তাৰ কাৰনে
আমি কাকো সোমাবলৈ বাধা নকৰোঁ। সিহঁতক কোনো মতে বাহিৰ কৰা নহই;
এই হেতুকে প্ৰিয় খ্ৰিষ্টিয়ান, মোৰ লগত এফেৰিমান আঁহা, তুমি জাব লগা বাটৰ
কিছু কথা সিকাম। আগ ফাললৈ চোআ, সেইটো ঠেক পথ দেখিচানে? সেই
বাটে জাব লাগে। ওপৰ পিত্ৰি আৰু ভবিস্যত বিলাক, খ্ৰিষ্ট আৰু তেওঁৰ পাঁচনি
বিলাকৰ দোআৰাই তাক কৰা হৈচে; টাৰ জেনে পোন, তেনে পোন কৰি বন্ধ।
হৈছে: সেই বাটে তুমি জাব লগা।