পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীযুত বাবু আনন্দিৰাম ফুকন

কত্ৰিক।

ইংলণ্ডব বিববণ

An account of England.

 এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বৰ বৰ দেশ তাছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ গতি দুৰৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্ৰতি পৃথিবীৰ ভিতৰত অতি অচৰিত যে ইংলণ্ড দেশ তাৰে সংখেপ বিবৰণ তলত লিখিলোঁ, তাক পহি মানিলে অনেক উপকাৰ দৰ্সিব।

 ইংলণ্ড অৰ্থাত আমাৰ দেশধিপতি ইংৰাজ সকলৰ দেশ অসম দেশৰ উত্তৰ পশ্চিমে, আৰু ইউৰোপ নামে যি পৃথিবীৰ এভাগ তাতে আছে। সি সাগৰৰ মাজত বৰ উপদিপ এখনৰ এভাগ অৰুি দীঘলে '০০ মাইল পুতলে ২৮০ মাইল।

 এই দেশ যি দৰৰ ইংলণ্ড দেশ সেই দবৰ নহই আৰু টাই কথাতে লৰ। এই দেশৰ ভালেমান ঠায়েই হাবি আৰু পৰ্বতীয়া; অনেক আঁতৰে একো খনি সৰু সৰু নগৰ; আলি বিলাক প্ৰায়েই বেয়া আৰু অগম্য; লোক থকা ঘৰবোৰো প্ৰায়েই পজা একুটিৰ দৰে খেৰ বাঁহৰে সজা; নৈত যি বোৰ নাও থাকে সিও ডোঙ্গা একুটিৰ দৰে সৰু, আৰু দহ দিনৰ বাট বিচাৰি ফুৰিলেও এখনি পঢ়াসালি, গিয়ানৰ সভা, চিকিতসালই, দুখিয়া দৰিদ্ৰ আৰু দেশৰ উপকাৰলৈ কোনো উপাই পোঝ নেজাই। কিন্তু ইংলণ্ড দেসলৈ গৈ চোআ, গোটেই খন দেসেই ফুল বাৰি খনৰ নিচিনা মনোহৰ, এখামোচ হাবিও নেপোকা, নানা বিধৰ সস্য হোৱা পথাৰে ঢাকি আছে; পৰ্বত যি আচে তাতো মানুহৰ বসতি আৰু জত হাবি সিও আপুনি হোৱা নহই, কিন্তু বৰ লোক সকলৰ ম্ৰিগয়াৰ নিমিতে ভালেমান পুৰুসাৰ্থ কৰি মানুহে ৰুইচে। দেস এখন অতি আচৰিত আচৰিত অনেক মহা নগৰ আচে;