সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ অসমীয়া সাহিত্যৰ চানেকি। তেতিয়া তৰলে বুলিলে, হেৰা মইমতালি ভাই, মোৰ মন প্ৰায়ে থিৰ হল; এই সাধু লোকৰ লগত জাবলৈ মোৰ ইচা হৈচে; তেওঁৰ জি দসা, মোৰে সেই দসা হব। কিন্তু হে লগৰ সখি, সেই বঞ্চিত ঠাইলৈ তুমি বাট জানা নে? | খ্ৰিষ্টিয়ান। উপদেসক নামে এজন মানুহে আমাৰ আগত থকা জি এখন সৰু দুৰ, তালৈ মোক বেগই জাবলৈ দিলে, তাতে আমি বাটৰ কথা সিকিবলৈ পাম। তৰল। তেনেহলে অহা ভাই, আমি জাও। তাতে দুয়ো একেলগে জাবলৈ ধৰিলে; কিন্তু মইমলিয়ে কলে, ময়ো আপোনা ঠাইলৈ গুচি জাম; এনে অগিয়ান মানুহৰ লগ হবলৈ মোৰ ইচা নাই। পাচে মই সেই সমাজিকত ঢাই দেখিলোঁ, মইমতলি উভতি গলত খ্ৰিষ্টিয়ান আৰু তৰলে পথাৰে দি জাওতে কথোপকথন কৰি ইজনে সিজনে কথা কবলৈ ধৰিলে। | খ্ৰিষ্টিয়ান। হে ভাই তৰল, এতিয়া তুমি কেনে হৈ অচা? তুমি মোৰ লগত গমন কৰিবলৈ ধৰাত মোৰ বৰ আনন্দ। পৰলোকৰ জি কথা এতিয়া অদ্ৰিস্য হই, তাৰ প্ৰতাপ আৰু ভই মই জি ৰুপে মনত গম পালোঁ, সেই ৰুপে মইমতালি ও গম পোৰা হলে, সি এইমান বেগতে আমালৈ পিঠি দি গুচি নগাল হেতেন। | তবল। হে প্ৰিয় সখি খ্ৰিষ্টিয়ান, আমি দুইবো বাহিৰে ইয়াত আন কেও নাই দেখি, আমি জি ঠাইলৈ গৈৰ্চো, তাৰ কি বস্তু, আৰু কি প্ৰকাৰে তাক ভোগ কৰিম, এই সকলোকে কিচু বহুল ৰুপে মোক বুজাই দিয়া। | খিষ্টিয়ান। সেই সকলো কথা মুখেৰে কোআতকৈ মনেৰে মই ভালকৈ বুজিব পাৰোঁ, তথাপি তুমি সুনিবলৈ ইচা কৰা দেখি, মোৰ পুথিৰ পৰা তাৰ কিচুমন কথা পহি সুনাম। | তৰল। কিন্তু তোমাৰ পুথিত জি লিখা আছে, সেই কথা বিলাক নিচয়ে স্বৰুপ বুলি জানিচা নে? খি ষ্টিয়ান। হই, তাক মই নিয়ে জানো; কিয়নো জি জনে মিচা কব নোৰে, তেওঁৰ দোআৰাই এই পুথি কৰা হৈছে। তৰল। ভাল কৈছা, তেনেহলে সেই ভোগ কৰিব লগা কি কি বস্তু আচে?