জাত্ৰিকৰ জাত্ৰা ৮৩ বস্তু তুল্য কৰিবলৈ জোগ্য নহই। তোমালোক মোৰ লগত জদি জোআ, আৰু এই পথতে থাকা, তেন্তে মোৰে সৈতে সেই সুখভোগৰ সমান ভাগি হব; কিয়নো জি ঠাইলৈ জাও, তাতে সকলোলৈ অ'টা বস্তু আৰু তাতকৈও অধিক আচে। আহা মোৰ কথা মিচানে সচা, তা প্ৰমান দেখিবাহক। মইমতালিয়ে বোলে, বাৰু, তুমি জি বস্তু পাবৰ নিমিতে সকলোকে এৰিচা, সেই সেই বস্তু কি? | খিষ্টিয়ান। মই জি বিচাৰি গৈচো, সেয়ে অখই, আৰু নিমল, আৰু অমৰ অধিকাৰ বাব; তাক স্বৰগত সাঁচি থোকা হৈচে; জিবিলাকে বিচাৰে, সিবিলাকক নিয়োজন কৰা সময়ত তাক দিযা হবৰ নিমিতে নিবিঘিনি ৰূপে বখা হৈছে। জদি দেখিব খোজা, তেন্তে মোৰ পুথি পাঠ চোকা। | তাতে মইমলিয়ে বুলিলে, খচ, তেব পুথি খন পেলাই দে; আমাৰ লগত উভতি আহিবি নে নাহিবি, তাকে ক। সি উতৰ দিলে, মই জাব নোআৰে, কিয়নো লাঙ্গলত মোৰ হাত দিয়া হল। | মইমতালি। তেন্তে আহ, তবল ভাই, ইয়াক এৰি গুচি জাও; এনে এবিধ বাতুল ভাবি খোকা মানুহ আচে; সিহঁতে জেতিয়া মনত কোনো কথা ধৰে, তেতিয়া কাজৰ কাৰন দেখাব পৰা সাতো জনতকৈ সিহঁত আপোনাৰ দ্ৰিষ্টিতে গিয়ানি হই। | তাতে তৰলে কলে, নিন্দা নকৰিবা, ভাই, এই উতমলোক খিঠিয়ানে কোষ। কথা জদি সঁচা হই, তেন্তে সি জি বস্তু বিচাৰিছে, সেয়ে আমাৰ বস্তুতকৈ উতম; চুবুৰিয়াৰ লগত জীবলৈ মোবো মন গৈচে। | মইমতালি। কি! আৰু এনে বলিয়া মানুহ গাচে নে? মোৰ কথা সুনি উভতি অহা। এনে পাগল মানুহে তোমাক কলৈ নিব, কোনে কব পাৰে? ঘুৰি অহা, ঘুৰি আঁহা, গিয়ান ৰুপে কৰা। | খ্ৰিষ্টিয়ান। ন হই, ন হই, তবল বন্ধু, মোৰ লগত অহা, মই জি জি কথা। কৈছিলো, তাৰ বাহিৰেও অনেক নেক ঐস্বৰ্জ আচে। মোব কথাত জদি বিশ্বাস নকৰ, তেন্তে এই পুথি পহি চোদা; আৰু তাৰ ভিতৰত জি জি লিখা আচে, সি সত্য হোআৰ প্ৰমানৰ নিমিতে জটোকা, জি জনে তাক ৰচনা কৰিলে, তেও আপোৰ তেজেৰে তাক নিচই কৰিলে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৩
অৱয়ব