পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৯
শঙ্খচূড় বধ।

উপজিয়া বেদ পাঠ কৰিলন্ত সতী।
এহি হেতু তান নাম দিলা বেদৱতী॥
অনন্তৰে মঙ্গল কৰিয়া মালৱতী।
তীৰ্থ জলে ধুৱায়া কন্যাক থৈলা সতী॥

সুতিকা গৃহৰ হন্তে তপস্যাক মনে।
বেদৱতী সতী চলি যান্ত তপোবনে॥
বন্ধুগণে নিবাৰণ কৰিতে লাগিলা।
তথাপিতো বেদৱতী বনক চলিলা॥

পুষ্কৰ দ্বীপত দেবী উপস্থিত ভৈলা।
নাৰায়ণ দেবতাক চিন্তিবাক লৈলা॥
এক মন্বন্তৰ কাল পুষ্কৰ দ্বীপত।
তপ কৰিলন্ত ভোগে হুয়া বিৰকত॥

তথাপি তাহান দেহ পুষ্ট নতু ক্লিষ্ট।
পৰম সুন্দৰ নৱ যৌবন বিশিষ্ট॥
অনন্তৰে আকাশী বচন শুনিলন্তি।
বচন শুনিয়া সুখ নতু লভিলন্তি॥

ব্ৰহ্মা আদি দেৱে যাক কৰে আৰাধন।
পৰজন্মে সেহি স্বামী হৈব নাৰায়ণ॥
এহি বাক্য শুনি ৰুষ্ট হুয়া বেদৱতী।
পুনৰ্ব্বাৰ ঘোৰ তপ আচৰিলা সতী॥

চিৰকাল সেহি স্থানে তপ আচৰিয়া।
বসি আছা বেদৱতী নিঃশ্বাস তেজিয়া॥
সেহি সময়ত বীৰ ৰাৱণ দুৰ্ব্বাৰ।
ভ্ৰমিয়া ফুৰন্ত বনে কৰিয়া বিহাৰ॥

দেবীক দেখিয়া দুষ্টে সমাপ চাপিলা।
অতিথি মানিয়া সতী শুশ্ৰূষা কৰিলা॥
সুশীতল জল ফুল মূল দিলা নিষ্ট।
ভুঞ্জিয়া দেবীৰ কাছে বসিলা পাপিষ্ঠ॥