পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৬
অসমীয়া সাহিত্যৰ চানেকি

পাচে দেৱগণ  হুয়া ৰঙ্গ মন,
  আপোন স্থানে চলিলা।
ক্ৰোধক ছাড়িয়া  শঙ্কৰো চলিয়া,
  তপস্যাত প্ৰবেশিলা॥
শুনা সভাসদ  পুৰাণৰ পদ,
  ইসে জানা পুণ্য হেতু!
সংসাৰ সাগৰ  পাৰ হৈবাৰ,
  এহিসে প্ৰধান সেতু॥
হেন জানি আন  নকৰিবা কাণ,
  সদা স্মৰা হৰি নাম।
কবিৰাজ দ্বিজ  হৰিদাস নিজ,
  ভণে বোল৩ ৰাম ৰাম॥

পদ।

নাৰায়ণ বদতি নাৰদ মুনিবৰ।
শুনিয়ো চৰিত্ৰ বৃষসেনৰ পুত্ৰৰ॥
ধৰ্ম্মধ্বজ কুশধ্বজ দুয়ো মহাসন্ত।
সম্পত্তিৰ অৰ্থে ঘোৰ তপ কৰিলন্ত॥

লক্ষ্মীৰ বৰত পাচে সম্পদ লভিলা।
ৰাজাৰ যুগুত ভোগ সকলে ভুঞ্জিলা॥
প্ৰথমতে কহোঁ কুশধ্বজৰ দুহিতা।
শুনা মুনি কেন মতে আসি ভৈলা সীতা॥

কুশধ্বজ ৰাজাৰ বল্লভা মালবতী।
কালক্ৰমে দুহিতাক লভিলন্ত সতী॥
পৰম সুন্দৰী মহালক্ষ্মী অৱতাৰ।
কন্যা দেখি মহাৰঙ্গ মিলিল ৰাজাৰ॥