পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৮
অসমীয়া সাহিত্যৰ চানেকি।

পুচিলা দেবীত পাচে মধুৰ বচনে।
কাহাৰ দুহিতা তুমি কেনে আছা বনে॥
পীন স্তন দুই আতি মনোহৰ বেশ।
ময়ুৰৰ পুচ্ছসম বিৰাজিছে কেশ॥

শৰত কালৰ পদ্মদল সম দুই।
নয়ন তোমাৰ ভাসে দেখি মোহ হুই॥
বদন চন্দ্ৰত প্ৰকাশিছে মদু হাঁসি।
দণ্ড মুক্তা পংক্তি আছে তাহাতে প্ৰকাশি॥

তপ্ত সুবৰ্ণৰ সম শৰীৰৰ কান্তি।
চম্পক কলিকা যেন অঙ্গুলিৰ পান্তি॥
তোমাক দেখিয়া কোনে ধৈৰ্য্যক ধৰিব।
কামশৰ বিষ লাগি সমূলি মৰিব॥

এহি বুলি কাম বাণে হৈয়া জৰ্জ্জৰিত।
মূৰ্চ্ছা লভি ৰাৱণ পড়িলা পৃথিবীত॥
ক্ষণেকে চেতন পাচে পায়া নিশাচৰে।
সম্ভোগ ইচ্ছায়ে আঝুড়িলা ধৰি কৰে॥

ৰাৱণৰ দুষ্ট ভাৱ দেখি কোপে সতী।
যোগবলে স্তম্ভি থৈলা তাক বেদৱতী॥
ঠৰ ভৈল হস্ত পাৱ ইন্দ্ৰিয় সকল।
বুলিতে নাপাৰে কিছু দূৰ হৈল বল॥

অদ্ভুত মহিমা পাছে দেখি মন্দমতি।
মনতে কৰিলা স্তুতি জানি ভগৱতী॥
পাচে দেৱী ৰাৱণৰ ভক্তি ভাব জানি।
তুষ্ট হুয়া অনুগ্ৰহ কৰিলা গোঁসানী॥

গুচিলেক জড় ভাৱ পূৰ্ব্বৱত হৈল।
দুষ্টৰ দমন হেতু বুলিবাক লৈল॥
শুন অৰে দুৰ্জ্জন ৰাৱণ পাপৰত।
সবান্ধবে মৰিবি মোহোৰ নিমিত্তত॥