পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৫
শঙ্খচূড় বধ।

শিৱৰ বচন  শুনি নাৰায়ণ,
  পাচে বুলিবাক লৈল।
শুনিয়ো ত্ৰিনেত্ৰ  একদণ্ড মাত্ৰ,
  তুমি আসিবাৰ ভৈল॥
এতেক মাত্ৰ  মানুষ লোকত,
  এক বিংশ যুগ গৈল।
এতেকে শঙ্কৰ  চলিয়ে সত্বৰ,
  বৃষধ্বজ মৰি গৈল॥
কালচক্ৰ মোৰ  পৰম দুৰ্ঘোৰ,
  তাক কোনে লঙ্ঘিবেক॥
এতেকে তাহান  পুত্ৰ লক্ষ্মীহীন,
  বৃষসেনো মৰিলেক॥
তাহান তনয়  দুই মহাশয়,
  ধৰ্ম্মধ্বজ কুশধ্বজ।
সূৰ্য্যৰ শাপত  সম্পদ ৰহিত,
  ভজৈ হৰি পদৰজ॥
সঙ্গক তেজিয়া  ৰাজ্যক ছাৰিয়া,
  দুয়ো তপ আচৰিছা।
সেই দুইৰো দুই  পত্নী আছে হুই,
  সতীৰ ধৰ্ম্ম ধৰিছা॥
দুইৰো ভাৰ্য্যাত  লক্ষ্মী হৈবজাত,
  কলা অৱতাৰ ধৰি।
পাচে সুখী হৈব  দুয়ো ৰাজ্য লৈব,
  সৰ্ব্ব দুঃখ পৰিহৰি॥
আবে ত্ৰিনয়ন  তেজি ৰোষ মন,
  দেৱগণে সমে চলা।
এহি বুলি হৰি  সভা পৰিহৰি,
  অভ্যন্তৰ গৃহে গৈলা॥