পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৪
অসমীয়া সাহিত্যৰ চানেকি

এহি হেতু আক  নাশ কৰিবাক,
  আমাৰ ভৈলেক মন।
জানি মোৰ খঙ্গ  সূৰ্য্য ছাড়ি ৰঙ্গ,
  পিতৃত লৈলা শৰণ॥
পাচে দুয়ো যাই  ব্ৰহ্মলোক পাই,
  ব্ৰহ্মাত শৰণ লৈলা।
ব্ৰহ্মায়ো ভয়ত  সূৰ্য্যক সঙ্গত,
  লৈয়া বৈকুণ্ঠক গৈলা॥
এবে লক্ষ্মীপতি  ভকতৰ গতি,
  শুনা তত্ত্ব কহো মই।
মনে বা বচনে  তোমাত যি জনে,
  ভয়ত শৰণ লই॥
ভয়ত তৰিয়া  মুত্যুকো জিনিয়া,
  সিতো পাৱে পূণ্য ঠাই।
ইতো তিনি জনে  তোমাৰ চৰণে,
  সাক্ষাতে শৰণ পাই॥
কত পুণ্য ৰাজি  সাঞ্চি আছৈ আজি,
  কি কহিবো ইতো কথা।
যাতো নাৰায়ণ  তোমাক স্মৰণ,
  কৰৈ যিতো যথা তথা॥
তথাপি সমস্ত  অমঙ্গল অন্ত,
  তাহাৰ হৱৈ সৰ্ব্বথা।
কিন্তু দামোদৰ  মোহোৰ ভক্তৰ,
  কি হৈবো এবে অৱস্থা॥
সূৰ্য্যৰ শপত  আমাৰ ভকতে,
  লভি আছে মহাতাপ।
ইহাৰ উপায়  দিয়া মহাশয়,
  তুমি সমস্তৰে বাপ॥