পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৩
শঙ্খচূড় বধ।

সেহি সময়ত  দেৱৰ মধ্যত,
  শিৱ যেবে শান্ত ভৈলা।
পাছে নাৰায়ণে  মধুৰ বচনে,
  শিৱব বুলিতে লৈলা॥
শুনা ত্ৰিনয়ন  আমাৰ বচন,
  তুমি সদা সুখালয়।
অত্যন্ত নিৰ্ম্মল  তপস্যাৰ ফল,
  তোমাতেসে হন্তে হয়॥
সেবি তযু পদ  সকল সম্পদ,
  লভৈ সুৰাসুৰ নৰে।
তোমাক ভজিয়া  সুমতি লভিয়া,
  সংসাৰ সাগৰ তৰে॥
মৃত্যুক জিনিছা  আপদ তৰিছা,
  সদায়ে আনন্দময়।
হেনয় তোমাৰ  শুভ পুচিবাৰ,
  কাৰ্য্য যে কিছো নাহয়॥
তথাপিত আৰ্য্য  আসিবাৰ কাৰ্য্য,
  আমাত কৈয়ো শঙ্কৰ।
হেনয় বচন  শুনি ত্ৰিনয়ন,
  কৃষ্ণক দিল উত্তৰ॥
শুনা লক্ষ্মীকান্ত  নৃপ মহা শান্ত,
  বৃষধ্বজ নাম যাৰ।
মোৰ মহাহিত  মোক ভজৈ নিত,
  প্ৰাণৰ তুল্য আমাৰ॥
তাহাঙ্ক শপিলা  মোক শোক দিলা,
  এহি দুষ্ট দিবাকৰ।
ভক্তৰ শোকত  মোহোৰ মনত,
  মিলিল ক্ৰোধ বিস্তৰ॥