এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫২
অসমীয়া সাহিত্যৰ চানেকি।
সমীপতে সেবি মহালক্ষ্মী দেবী,
তাম্বুল দিয়া আছন্ত।
মহাৰঙ্গ মনে প্ৰভু নাৰায়ণে,
সেহি গুৱা ভুঞ্জিছন্ত॥
বিদ্যাধৰীগণে আনন্দিত মনে,
গীত নৃত্য কৰিছন্ত।
মহাৰঙ্গে হৰি অল্প হাস্য কৰি,
তাহাক চাহি আছন্ত॥
সবাৰে ঈশ্বৰ যিতো দামোদৰ,
পৰমাত্মা নিৰাকাৰ।
ভকত জনক কৃপা কৰিবাক,
হৈছা যিতো সাকাৰ।
হেনয় কৃষ্ণৰ নমিলা শঙ্কৰ,
ভক্তি ভাৱে পদ দুই।
পাছে সৃষ্টিকৰ চৰণে শিৱৰ,
প্ৰণামিলা নম্ৰ হুই॥
সূৰ্য্যেয়ো উঠিয়া স্তুতিক কৰিয়া,
শঙ্কৰক প্ৰণামিলা।
তেমতে কাশ্যপ মুনি মহাতপ,
শিৱৰ পদে সেবিল॥
অন্ধক নাশক দেৱে মাধৱক,
পাচে স্তুতি কৰিলন্ত।
বিষ্ণুৰ বাক্যত ৰত্ন আসনত,
পাচে হৰ বসিলন্ত॥
তথাতে শিৱক বিষ্ণুৰ সেৱক,
সকলে চামৰ ধৰি।
চৌপাশে বেঢ়িয়া পদ প্ৰণামিয়া,
ৰহিলা উপাসা কৰি॥