পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫১
শঙ্খচূড় বধ।

দোলড়ী

বিষ্ণুক দেখিয়া  বৃষৰ নামিয়া,
  সদাশিৱে নমিলন্ত।
ব্ৰহ্মা আদি দেৱ  যাক কৰে সেৱ,
  লক্ষ্মীয়ো যাক ভজন্ত॥
চন্দ্ৰ সম মুখ  দেখি মিলে সুখ,
  মনোহৰ শান্ত বেশ।
নীল আকুঞ্চিত  ললিত বলিত,
  শিৰত প্ৰকাশে কেশ॥
ৰত্ন সিংহাসনে  ৰত্নৰ ভূষণে,
  অধিকে আছন্ত ভাসি।
মকৰ কুণ্ডল  কৰে জলমল,
  মুখে মৃদু মন্দ হাসি॥
দিব্যৰত্ন ময়  কিৰীটি ভাসয়,
  বৰ্ত্তুল চাৰু শিৰত।
নানা ৰুচি জ্বালা  গলে বনমালা,
  প্ৰকাশে চক্ৰ ভুজত॥
নীল জলধৰ  শ্যাম কলেবৰ,
  সুন্দৰ মৃদু শৰীৰ।
দীৰ্ঘ ভুজ চাৰি  ভক্ত দুঃখ হাৰী,
  সাগৰ কোটি গম্ভীৰ॥
চতুৰ্ভুজ বৰ  বিষ্ণুৰ কিঙ্কৰ,
  সকলে শুক্ল চামৰ।
হস্তত ধৰিয়া  সমীপ চাপিয়া,
  সেবি আছা নিৰন্তৰ॥
সৰ্বাঙ্গ ললিত,  চন্দনে চৰ্চ্চিত,
  তাতে শোভে পীতবস্ত্ৰ।
ক্ৰমত বৰ্ত্তুল  সুদীৰ্ঘ মৃদুল,
  চাৰি ভুজে চাৰি অস্ত্ৰ॥

১৪৫