পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫০
অসমীয়া সাহিত্যৰ চানেকি।

তেজস্বী নাহিকে আন শিৱৰ সমান।
ইতো ব্ৰহ্মাণ্ডৰ ভিতৰত বিদ্যমান॥
লীলায়ে স্ৰজিতে পাৰে কৌটি দিবাকৰ।
ব্ৰহ্মাৰো কোটিক সুজিবাক পাৰে হৰ॥

অল্প মাত্ৰ আছে বাহিৰৰ জ্ঞান তান।
ৰাত্ৰি দিনে মোকে মাত্ৰ মনে কৰে ধ্যান॥
আমাৰ ৰূপক মনে সততে চিন্তয়।
মোৰ নাম গুণ সদা মুখত গাৱয়॥

যিজনে যেমতে মোক কৰে আৰাধন।
তাহাকো তেমতে মই কৰো উপাসন॥
এহি হেতু দৃঢ় কৰি আমিয়ো শিৱৰ।
সৰ্ব্বদায়ে কুশলক চিন্তো সৃষ্টিকৰ॥

বৈকুণ্ঠ সভাত এহি বুলি ভগৱন্ত।
শিৱৰ মহিমা প্ৰকাশিয়া বসিচন্ত॥
সেই সময়ত মিলিলন্ত ত্ৰিনয়ন।
বৃষভ বাহন সঙ্গে নাহি পৰিজন॥

ক্ৰোধত অৰুণ বৰ্ণ নয়ন ত্ৰিতয়।
হস্তত ধৰিছা শূল দেখি লাগে ভয়॥
শুনা সভাসদ ইতো পুৰাণ আখ্যান।
পৰম পবিত্ৰ ৰস অমৃত সমান॥

অসাৰ সংসাৰ সাগৰৰ ইসে সাৰ।
হেন জানি আত মন দিয়া বাৰম্বাৰ॥
ধন জন ভাৰ্য্যা পুত্ৰ সবাকে ছাৰিয়া।
কৃষ্ণ পাদ পঙ্কজত সদা মন দিয়া॥

সদায়ে শ্ৰবণ কৰা বৈষ্ণৱ চৰিত্ৰ।
যম নগৰত জানা ইসে বৰ মিত্ৰ॥
পৰম বান্ধব আৰ গোবিনৰ নাম।
হেন জানি নিৰন্তৰে বোলা ৰাম ৰাম॥