সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪৯
শঙ্খচূড় বধ।

জানু শিৰে তিনিয়ো কৰিলা নমস্কাৰ।
ভক্তি ভাৱে স্তুতি কৰিলন্ত বাৰম্বাৰ॥
বিষ্ণুৰ চৰণে সৰ্ব্ব কাৰ্য্য নিবেদিলা।
গোবিন্দেও সিসবক অভয়ক দিলা॥

শুনা সৃষ্টি কৰ ঋষিবৰ দিবাকৰ।
স্থিৰ হুয়া তিনিয়ো ভয়ক গৰিহৰ॥
কাৰ হন্তে ভয় আছে আমি বিদ্যমানে।
ইহাত কাৰণ কহো শুনা সাৱধানে॥

যিতো জনে ভয় হুয়া বিপত্তি কালত।
আমাক স্মৰণ কৰে মনে যি ঠাৱত॥
সিঠাৱত আনন্দে চলিয়া চক্ৰধৰি।
তাহাক পালন কৰো ভয় দূৰ কৰি॥

হেৰা দেৱগণ জানিবাহা তত্ত্ব কৰি।
মই সে পালন কৰো বিষ্ণু ৰূপ ধৰি॥
ব্ৰহ্মাণ্ডত সৃষ্টি কৰো বিধি ৰূপ ধৰি।
মইসে সংহাৰ কৰোঁ ৰূদ্ৰ ৰূপ ধৰি॥

এতেকে শিৱক মোৰ স্বৰূপ জানিবা।
ব্ৰহ্মা তুমি আপোনাকো মইসে বুজিবা॥
মোহোৰে সে ৰূপ সূৰ্য্য ত্ৰিগুণ স্বৰূপ।
যাতে জগতকে পালোঁ মই নানাৰূপ॥

আজি ধৰি শঙ্কৰত ভয় পৰিহৰি।
তিনিয়ো কুশলে চলা মোৰ নাম স্মৰি॥
ভগৱন্ত সদাশিৱ শীঘ্ৰে তুষ্ট হন্ত।
সন্ত সকলৰ কুশলক আচৰন্ত॥

ভক্তৰ অধীন শিৱ বৎসল ভক্তৰ।
ভক্তিক জানন্ত আত্মা ভকত জনৰ॥
প্ৰাণতো অধিক মোৰ শিৱ সুদৰ্শন।
জানিবা নিশ্চয় কৰি এই দুইজন॥