সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কথা ৰামায়ণ। ১১৩৭ পূৰ্ণ দুষ্ট চিও, সে সবে গুণতে দোষাৰোপন স্বভাৱ, তাসাম্মাক কি বুলিবো। আমাৰ কবিতা হেন বুলি ইহাত হেলা কৰিতে যোগ্য মুই। যদ্যপি অন্তজাতি সবে সুবৰ্ণৰ হাড় মণি নানা চিত্ৰ ৰূপেৰে খচিত কৰি নিৰ্মাণ কৰে, তাক মহামহন্ত সবে দোষ নগণি কণ্ঠে পৰিধান কৰে। ই পুনু ৰামৰ চৰিত্ৰ মহাৰস তুল্য ইহাক। শ্ৰৱণ কীৰ্ত্তন কৰি ঘৰ কলি তৰি বৈকুণ্ঠ পাই। হে সভাসদ সব দেখু, শ্ৰীৰামৰ হেন সাংসাৰিক দুঃখ মিলিল, আন সামান্য কি কহিব। এতেকে পুত্ৰ, ভাৰ্য্যা, বন্ধু, বান্ধৱ, মান, অপমান, লাভালাভ, ইত্যাদিকৰ সবাৰে যোগ বিয়োগ সংসাৰৰ বৰ্ম্ম, ইহাক মহন্ত সবে এৰাইতে পাৰো, তথাপি জানিবা তা সবক সংসাৰৰ ধৰ্ম্মে মোহ শোক দিতে পাৰে। শ্ৰীৰাম পুনু ঈশ্বৰৰে ঈশ্বৰ, তেহে পুনু কৈছে, সংসাৰ ধৰ্ম্ম ভোগ কৰিব, কিন্তু সংসাৰ ধৰ্ম গ্ৰহণ কৰি লীলা বিস্তাৰিছা। আকে শুনি, ভণি, সংসাৰী সব সংসাৰত ৰোক, এহি ঈশ্বৰৰ মুখ্য। প্ৰয়োজন। ৰাৱণাদি ৰক্ষাস মৰাণৰ কোন ক্ষুদ্ৰ হৱে। যাৰ কটাক্ষতে, কোটি কোটি ব্ৰহ্মাণ্ডৰে প্ৰলয় হোৱে, যি ৰামৰ চৰিত্ৰক যোগেন্দ্ৰ সবে সংসাৰ তাৰক জানি শ্ৰৱণ কীৰ্তন কৰিছে, আৰ বিষয়ী সবে কৰ্ণত অমৃত পাই অপৰ বিষয় সুখ। ছাৰি আনন্দে শুনিছে, যাক ভক্ত সবে পৰম পুৰুষাৰ্থ জানি শ্ৰৱণদি কৰিছে, আৰ | হেলায়ে থাকিও অকস্মাৎ কিপিৎমান যাক পান কৰি মহামহা পাপ ভস্মকৃত হোৱে, হেন ৰাম চৰিত্ৰক যিসবে নুশুনে সি সবাৰে শোস্য, মৰি মৰি যাতনা ভুঞ্জিব। হে পৰমেশ্বৰ কোটি ব্ৰহ্মাণ্ডেশ্বৰ! তোমাক নাসেবি কোটি কোটি কল্প সংসাৰ নিকাৰ ভুঞ্জে। আমাৰ নিকাৰ খণ্ডাইবে কোনো দয়াৱন্ত নভৈল। হে প্ৰভু! সংসাৰী জীৱৰ নিকাৰ দেখি, আৰ যমৰ নিকাৰ শুনি সদায়ে হৃদি কম্পয় যাতে সে দুখ তাৰক তুমি বিনে নাহি। হেন কথা সাধু শাস্ত্ৰ মুখে শুনি, তোমাৰ পাৱত বিক্ৰয় গৈলো। হে কৰুণাসাগৰ! হে কৃপামই! হে কৃপাল! হে শৰণ্য বমন! ইবাৰ নাহি ছাৰিবো, এ ভৱ তৰণৰ উপায় দিও। যদি নাহি দিবা, তেবে কৰুণা সিন্ধু আদি নাম ছাৰি, বিপৰীত নাম কেনে নাহি ধৰা। তোমাৰ পদে ভৰ কৰি, কাম মোক্ষ আদি ধৰ্ম্ম সবাকে পিঠি দিয়াছো, তথাপি দিনবন্ধু নাম ধৰি যদি মোক নতাৰিবা, তোমাৰ পতিত পাৱন নামত লোকে কেনে সঞ্জাত কৰিব। অজামিলক তাৰি পতিত পাবন নাম ধৰিছা, গজেন্দ্ৰাদিক তাৰি কৃপাময় নাম ধৰিছা, প্ৰহলাদিক তাৰি ভক্তবৎসল নাম ধৰিছা, তাহাত প্ৰত্যয় নাহি; যাতে সে সবৰ পূৰ্ব সুভ বাসনা শুনিছি। যদি সুভ বাসনা হিন, সদা বিকৰ্ম্ম নিত, ভক্তি ৰহিত, পাপ ৰাশি সহিত হেন মোক তাৰিতে পাৰা, তেবে তুমি