ভৰতে কান্দি কান্দি মাতৃ সবাকো আশ্বাসি আগ কৰি চলাইলা। ভৰতে ৰামৰ আশ্ৰম প্ৰদক্ষিণে নমি পুনু কান্দি কান্দি শ্ৰীৰাম সীতাৰ চৰণ ধূলি শিৰে কৰি,লক্ষণকে আশাসি, সবাৰে পাচত কান্দি কান্দি পাদুকা শিৰে ধৰি চলিলা। সবে প্ৰজা হাহা কষ্ট কোলাহল কৰি ভৰদ্বাজৰ আশ্ৰম পাইলা। ভৰদ্বাজে পুছিল,ভৰতে সবশেষ কহিলা। ঋষি জানিলা, ৰাক্ষস মাৰি শ্ৰীৰামে যশ বিস্তাৰি লোকত কীৰ্তি প্ৰচাৰিব। ভৰতক বোলন্ত, ৰাম বনে থাকোক এখন চিন্তা ছাৰিয়ো, ঈশ্বৰৰ বাঞ্ছিত কাৰ্য ৰামৰ বনে থিক, তাক সাধি পুনু আসিব, ইহাত সংশয় নাহি, ইহাক নিষ্ট জানি নগৰে চলা। এহি শুনি ভৰতে কিছু সুস্থ হুয়া নগৰে চলিল। গুহৰাজো গৃহে গৈল, ভৰতো নগৰ পাইলা। নিৰানন্দ পুৰি দেখি সুমন্ত্ৰক বুলিল, হে সুমন্ত্ৰ! দেখ, বিধবাৰ তুল্য অযোধ্যাপুৰি হৈল, অযোধ্যা নদীৰ জল ৰামৰ বিয়োগে ৰবি জালে শুষিল। মসৰণয় আসি প্ৰজাসবে পুৰি মৰো। সীতা লক্ষণৰ শোক মসঙ্কা পাই, চাম্প দিয়া ধৰিছে। এবে অযোধ্যা শ্মশান তুল্য ভৈল। এহি কহি শূন্য হস্তীশালা তুল্য ৰজাৰ আৱশত পশিল। ৰামচন্দ্ৰ নাসিবাৰ শুনি নাৰীগণে নানা বিলাপ কৰিল। ভৰতে তথাত ৰজনী বঞ্চি প্ৰভাতে বোলন্ত, ৰাজাৰ ৰামৰ শূন্য আৱাস দেখি চিত্ত নাহি সহে। হে সুমন্ত্ৰ! এখনে সৈন্য জৰাই নন্দি গ্ৰামে চলো। সুমন্ত্ৰ তেখনে সৈন্য জৰাইল। ৰথে চৰি নন্দি গ্ৰাম পাইল। থল সিংহাসনত ৰামৰ পাদুকা তুলি, জয় জয় ৰাম ধ্বনি কৰি, আপুনি পাদুকা উপৰে ধৱল ছত্ৰ ধৰিলা। শত্ৰুঘ্নে চামৰ ঢুলিলা। বশিষ্ঠে সুমঙ্গল। কৰিল। ভৰতে বেলন্ত, হে গুৰু ৰামৰ মই দাস হেন জানিবা, ৰাম মত্ত সিংহ, মই মূষ, ৰামেসে গৰুড় মই টিপচি তুল্য, ৰাম মেৰু মই সৰিষপ, এতেকে ৰাম বাক্য পালি, এহি ৰামৰ পাদুকা নৃপতিৰ আজ্ঞা কৰি, ৰামৰ ব্ৰত ধৰি, ৰামৰ আগমন উপেখি ৰহিবে; ইহাত মোৰ ৰাজা হেন অহঙ্কাৰ নোহোক। হেন শুনি প্ৰজাগণে পাদুকাত পৰি পৰি অষ্টাঙ্গে নমিল।। প্ৰজাগণে এহি মতে বহিল। সকলে ভৰতৰ আদেশে অযযাধ্যাক যাই মাতৃ সবক আশ্বাসিলা। ভৰতেও ন্যায় ৰূপে কৰ তুলি পাদুকাত নিবেদি শাৰী শাৰী ভাণ্ডাৰ বান্ধি থৈলা। সন্তক পালি দুষ্টক দণ্ডিলা। ইতি শ্ৰীবাল্মিকী মহাঋষিকৃত অযধ্যাকাণ্ড কথায়াং শ্ৰৰঘুনাথ কুয়ামষ্টমোধ্যায়ঃ।। হে সভাসদ এহি বেদ শিৰে ভাগে কথিত শ্ৰীৰাম চৰিত্ৰ, যাত মহামহন্তেও মোহ হৰে। মহামন্ত্ৰ সব বুজিবাৰ অৰ্থে, কিছু কিছু কথা বন্ধে মই ক্ষুদ্ৰ বুদ্ধি।গ্ৰথন কৰিলোঁ, ইহাত নানাধিক দোষ সাধু সবে মাত্ৰ ক্ষমা কৰিব। যি সব
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৭
অৱয়ব