পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩৮
অসমীয়া সাহিত্যৰ চানেকি।

সাৰ্থক নাম ধৰিলা। যদি শ্ৰৱণ কীৰ্ত্তনাদি ভক্ত ন হিন দেখি মোক নতাৰিবা, তেবে কৃপাময় বুলি কেনে শাস্ত্ৰে তোমাক কহে। সংসাৰত ভক্তন্তাজনক মহাক্ৰূৰ বষে ভজে, তেবে তাক কেনে কৃপাময় নোবোলে। এতেকে জানিলো, ভক্ত ন হিন জনো মহা পাতকী, বিষয়ী জনো ত্ৰাহি হৰি মাত্ৰ বুলি যদি তোমাক ডাকে, তাক তাৰিছা। আমাকে তাৰিবা, ইহাত বিপৰীত নাহি। হে সভাসদ সব কেনে নিচিন্তে আছাহা? ইহেন মনুষ্য জন্ম, আৰ কি লভিবা? পুত্ৰ ভাৰ্য্যা বন্ধু বান্ধৱ সমে কি সদা থাকিতে পাইবা? কেনে নাহি দেখা? কাল নদীৰ বেগে পাই কোন দিন ছাৰখাৰ কৰিব। কাকো বন্ধু বান্ধৱে ৰাখিতে নপাৰিব, যমদূতে বান্ধি চাৰি ছয় দণ্ডে যম পুৰে হেকাব। এথা যি যি পাপ কথা কৰিলা তথা সে সব ফল ভুঞ্জিবা। যি ৰূপ ফল দুতে ভুঞ্জাইব তাক শুনিলে হৃদয় কম্পমান, মুত্ৰ শ্ৰৱে; সে দুঃখ নাসক বান্ধৱ, ৰাম নাম বিনে নাহি নাহি জানি, উচ্চ কৰি হৰি বোল হৰি।