পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কথা ৰামায়ণ। ১১৩৫ থাকিব। এবে মোকো তোমাৰ সঙ্গে ৰাখা। সেহি সময়ে বশিষ্ঠ পাত্ৰ মন্ত্ৰী সবো, ৰামক ৰাজা হুইতে বুলিল, প্ৰজা সব বুলিল, মাতৃগণণা বুলিল, তথাপি ৰামৰ চিত্ত নটলিল। কোটি নদীৰ জলে সাগৰক কোনে নিবাৰ পাৰে। কৌশল্যা বোলন্ত, হে বাপ মোৰ বাক্য কেনে নাহি শুন। ৰঘুবংশী হয় মাতৃ বধিতে চাহ। গঙ্গাজল এৰি কুপৰ পানী খাইতে চাই। প্ৰজা সবে বুলিল, হে প্ৰভু! আমাক অনাথ নকৰিয়ো, অযোধ্যাত ৰাজা হুয়ো। ৰামে বোলস্ত, তোৰ। সবে কেনে নি গ্ৰহ কৰি বোলা। জল বুদবুদ সম অথিৰ শৰীৰ তাৰ প্ৰিতি সাধি, পিতৃ বাক্য ছাৰিবো। প্ৰিয়াত আদি ৰাজাৰ কথা শুনি আছিল, সবাকো কালে সংহাৰিল। যি শৰীব কৃমি, বিষ্ঠা, ভস্ম হৈব, হেন শৰীৰত মোহ কৰি কোন দুৰ্জনে পিতৃৰ বাক্য ছাৰিব? এখন আগ্ৰহ ছাৰি স্বধৰ্ম্মে অযোধ্যা নগৰত বঞ্চিব। আমাৰ ৰাজ্যত কাম নাহি, যদি . পূৰ্বৰ ভানু পশ্চিমে উদয় হোৱে, যদি আকাশৰ চন্দ্ৰ মহীত উদিত হোৱে, জলনিধি শুকাই যদি, মেৰু মন্দৰ যদি উভৰি পৰে, তথাপি ৰামে পিতৃবাক্য ছাৰি অযোধ্যাত ৰাজা মুহুইব। আমাৰ বাক্য পালি তুমি ৰাজা হুই প্ৰজাগণ পালিবা, মাতৃগণকে আশাসিয়া লৈয়া যাহা, কৈকৈই মাৱকো মন্দ নুবুলি, নিজ ধৰ্ম্ম ৰাখি বৈষ্ণৱৰ প্ৰিতি সাধিবা; বনতে মোৰ বৈকুণ্ঠ সুখ, মোক লাগি কেহহ আৰ শোক নকৰিব; মোহৰ শপত, এথা কেহো নৰহিবা, এখনে অযোধ্যাক চলা। হেন শুনি ভৰতে কান্দি কান্দি বোল, তোমাক নেদেখি চতুৰ্দশ বৰ্ষ কেনে প্ৰাণ ৰহিব, হে স্বামী তোমাৰ পাদুকা জুৰি আমাৰ মাথে দিব, পাদুকাক ৰাজা কৰি তাহাতে গোচৰ কৰি নিত্য ৰাজকাৰ্য কৰিবে। এহি বুলি ভৰতে কুশৰ পাদুকা জুৰি শ্ৰীৰামৰ পাৱে পিন্ধাই আপোন মাথে বান্ধিলা; সাত বাৰ ৰাম সীতাক প্ৰদক্ষিণ কৰি বোল, হে দাদা ৰামচন্দ্ৰ! তোমাৰ আদেশে নগৰে যাইবো, বনবাস তৰি তুমি নগৰে যাইবা, ইহাক মোৰ মাথে হাত দিয়া বোল।। ভৰতক আশ্বাসি শ্ৰীৰামে বুলিলা, তুমি কল্যাণে নগৰে। থাকিয়ো, পিতৃ বাক্য কৰি বনবাস তৰি সত্যে সত্যে নগৰক যাইব। এহি বুলি ৰঘুনাথে বশিষ্ঠাদি মুনিক নমিলা; মাতা সবাকো নমি প্ৰজা সবকে আশ্বাসি। বিদাই দিল।। ৰাম নাইবাৰ দেখি প্ৰজাসবে উৰ্দ্ধমুখ হুয়া কান্দিল। বশিষ্ঠাদি মুনি সবে। কান্দি হাহাকাৰ কৰিল। তাসাম্বাৰ শোক দেখি ৰাম লক্ষণ সীতায়ো কান্দিল। হেন দেখি বনবাসী ঋষি সবো ধ্যান এৰি কান্দিলা। পশু পক্ষীগণে আহাৰ এৰিল, বৃক্ষ সবব শোকে, ফল পুষ্পকে ছাৰিল।