পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গঙ্গাৰাম দাস

সীতাৰ বনবাস।

এহি মতে সীতা পটেশ্বৰী  কান্দে শ্ৰীৰামৰ গুণ স্মৰি
  তুমি হেন স্বামী পালো কত তপসাই।
দুষ্ট বিধি মোৰ কপালত  লেখি আছে দুঃখ শোক যত,
  সবাকো সহিলোঁ তোমাৰ চৰণ পাই॥
যৈসানি ৰাৱণে নিলা হৰি  অশোকত থৈলা বন্দীকৰি,
  ৰক্ষা দিলা চাৰি পাশে ৰাক্ষসীনীগণ।
তৈতে পালো প্ৰভু যত দুঃখ  সিয়ো মোৰ মনে ভৈলা সুখ,
  তযু কথা গৈয়া কহিলন্ত হনুমান॥
মিথিলা নগৰে বিয়া কৰি  আনিলা আমাক ৰঙ্গ কৰি,
  তব সঙ্গে সুখ ভুঞ্জিলোঁ ৰত্ন মন্দিৰে।
এৰা প্ৰভু মোক কি কাৰণে  নিৰ্ব্বাস দিলা যে ঘো ৰবনে,
  কাৰ সঙ্গে থাকে ঘোৰ অৰণ্য ভিতৰে॥
হাঁ বাপু লক্ষণ শুনিয়োক  মোৰ প্ৰতি নকৰিবা শোক,
  অযোধ্যাক যোৱা মই অভাগীক এৰি।
পূৰ্ব্বে জন্মে বিধি লিখে যাক  কিমতে এৰাইবে পাৰে তাক,
  বিচ্ছেদ ভৈলোহোঁ স্বামী সহ আজি ধৰি॥
প্ৰভু পদে মোৰ নমস্কাৰ  কৰো যোৰ কৰি দুই কৰ,
  মোৰ কৰ্ম্ম দোষ তান কোন দোষ নাই।
মোৰ অৰ্থে চিন্তা এৰিয়োক  সুখে ৰাজ্য পালন কৰন্তোক,
  অভাগিনীৰ যি হৌক ইয়াতে বিলাই॥