দিনে ৰাত্ৰি এহি বাঞ্ছো মই মোৰ বাঞ্ছা প্ৰভুত কবা গই,
জন্মে জন্মে হৌক ৰাম হেন স্বামী মোৰ।
অসুখ অশান্তি নকৰোক সুখে ৰাজ্য পালি থাকন্তোক,
বাপু তুমি শীঘ্ৰে যোৱা অযোধ্যা নগৰ॥
সুমিত্ৰা নন্দন শুনি হেন পৰিলেক মাথে ব্ৰজ যেন,
বুলিবে লাগিলা কান্দি কান্দি নম্ৰ কৰি।
হাঁ সীতা আই পটেশ্বৰী কেন মতে তোক যাওঁ এৰি,
কিমতে থাকিবা বন মাঝে একেশ্বৰী॥
তযু স্বামী শ্ৰীৰামক গৈয়া প্ৰবোধ কৰিবো কি বুলিয়া,
কৌশল্যা মাতৃক কিৰূপে কহোঁ বুজাই।
শত্ৰুঘ্ন আৰু ভৰতক অযোধ্যা নগৰে আছে যত,
কোন সতে কৈবোঁ তোমাৰ হেন বিলাই॥
এহি বুলি বীৰ শ্ৰীলক্ষণে সীতাৰ দুঃখক স্মৰি মনে,
কান্দিবে লাগিলা জানকীৰ পাৱে পৰি।
ব্যাঘ্ৰ সিংহ আদি নানা মত ফুৰে বন্য জন্তু অসংখ্যাত,
এৰি যাওঁ মই কোন নো ভৰসা কৰি॥
স্বভাৱত জানা নাৰীগণ সৰ্ব্বকালে ভয়াতুৰ মন,
পিম্পৰা উঠিলে শৰীৰ হোৱে চকিত।
তোমাকেসে মই কেন মতে এৰি যাইবো ঘোৰ অৰণ্যত,
ভয়ঙ্কৰ জন্তু দেখি হৈবা অতি ভীত॥
হেন শুনি শোকে সীতা সতী লক্ষণক বোলে পুনঃ মাতি,
মোক লাগি নকৰিবা বিষাদিত মন।
যি হৌক সি হৌক গতি মোৰ তুমি যোৱা অযোধ্যা নগৰ,
কিমতে খণ্ডাবা মোৰ বিধিৰ লিখন॥
পূৰ্ব্ব জন্মে আচৰিলোঁ পাপ সি কাৰণে ভুঞ্জো হেন তাপ,
প্ৰভু সঙ্গে বাপু সুখে ৰাজ্য ভোগ কৰিও।
নকান্দা নকান্দ দেওঁ হাক শুনা শুনা বীৰ মোৰ বাক,
কান্দি নমাৰিবা শৰীৰে খড়গৰ ঘাওঁ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩০৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৫
সীতাৰ বনবাস।