ৰাক্ষস জাতিৰ তোৰ, নাছিল আপোন পৰ,
তোৰ ভাই ৰামত কৈলা মিত্ৰ।
শ্ৰীৰামে ধনুক ধৰি, জিনি দিবে মন্দোদৰী,
বিভীষণ লঙ্কাৰ পূজিত॥
ৰাজা হুয়া অনাচাৰী, হৰিলি পৰৰ নাৰী,
মৰণক নাহি তোৰ ভয়।
দশৰথ নামে ৰাজা, দিবোঁ তোৰ মাংসে পূজা,
এন্থে ৰাম তাহান তনয়॥
যাহাৰ ধনুৰ বাণে, ত্ৰিভুবনে কম্পমানে,
হেন ৰাম লঙ্কাৰ ভিতৰ।
লক্ষ কোটি দেৱগণ, যাৰ বাণে কম্পমান,
তাৰ নামে তোৰ পটন্তৰ॥
তিৰী চোৰ ৰাৱণ, তোৰ কেন ক্ৰোধ মন,
তোক দেখি নাহি মোৰ শঙ্কা।
যতেক ৰাক্ষস তোৰ, একেশ্বৰে মাৰি পেশোঁ,
বানৰে জুড়িবে আসি লঙ্কা॥
অঙ্গদৰ বাণী শুনি, আছে ৰাজা মনে গুণি,
বানৰক বেড়ি দিয়া বাৰি।
ক্ৰোধে বোলে লঙ্কেশ্বৰ, কেনে বানৰাৰ বল,
কৃত্তিবাসে ভণিলা লেচাৰি॥
পদ।
ধৰ ধৰ ডাক পাৰে লঙ্কাৰ ৰাৱণ।
ক্ৰোধিলা অঙ্গদ বীৰ বালিৰ নন্দন॥
উঠিল অঙ্গদ বীৰ মাৰি মালছাট।
দুয়ো দুৱাৰত যেন লাগিলা কপাট॥
কোন বীৰ আছে আবে বাপেৰক ধৰ।
তোৰ বোলে লঙ্কেশ্বৰ কাকো নাহি ডৰ॥
সাত সাগৰত যাক পীয়াইলেক পানী।
তান বেটা অঙ্গদক জান কি নজানি॥