পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯৮
অসমীয়া সাহিত্যৰ চানেকি।

আচাৰ কামোৰ তই পাইলি লট ঘট।
আসি পন্থে ঢোল বজাই দেখাস সবাত॥
আপোনাৰ দোষে তই পাইলি পৰমাদ।
তেৰে মোৰ পাৱে তোক দিলেক প্ৰসাদ॥

বৈৰীভাৱে তোহোৰ নাছিলা যি কাৰণে।
লাঞ্জে বান্ধি নিলা লাজ কৰিলা যতমানে॥
সিটো সব কথা গৈলা হাস পৰিহাস।
এবে কেনে ভৈল তোৰ ধনুৰ্দ্ধৰ সাস॥

তথা পলাই গৈলি তই পাতাল ভুবনে।
বলি ৰাজা শৰে তই পাইলি অপমানে॥
ৰথ হন্তে নমায়া ধৰিল যত চেড়ি॥
কতো চড় মাৰে গালে বাঢ়নীৰ বাৰি॥

নানান দুৰ্গতি তোৰ হৈলেক পাতালে।
পাছে তোক বান্ধিয়া থৈলেক ঘোড়াশালে॥
দান্তে তৃণ লৈয়া কৈলি ছোটত কাতৰ।
চেড়িয়ে এড়িয়া দিলা আইলা নিজ ঘৰ॥

ইসব কথা জানা নাহিকে সংশয়।
তিনি ৰাৱণৰ কোন দেহ পৰিচয়॥
কৃত্তিবাস পণ্ডিতৰ কবিতা সুচাৰ।
ক্ৰোধত ৰাৱণ ৰাজা বোলে মাৰ মাৰ॥

লেচাৰি।

শুনা ৰাজা লঙ্কেশ্বৰ  তোৰ মৰণ সত্বৰহে
  তোৰ মই নেদেখোঁ কুশল।
ৰাম ভৈলা সাগৰ পাৰ,  তোৰ নাহি নিস্তাৰ,
  যমপুৰে তোহোৰ মুকুল॥