পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০০
অসমীয়া সাহিত্যৰ চানেকি।

কোন বীৰে ধৰে মোক দেখোঁ মুনিষত।
চৱড়ে পঠাইবোঁ তাক যমৰ নিকট॥
তই বোল ইন্দ্ৰজিত বৰ ধনুৰ্দ্ধৰ।
দেখা আজি তোৰ আগে নিবোঁ যমঘৰ॥

তই বোল ত্ৰিশিৰা মোহোৰ বৰ বীৰ।
মুষ্টিৰ প্ৰহাৰে তাৰ ছিণ্ডিবোঁহু শিৰ॥
আপুনি উঠিয়া ধৰা দেখোঁ গাভুৰালি।
মুকুট ভাঙ্গিবোঁ তোৰ দশ শিৰ খুলি॥

বিচুৰ্ত্তি লাগাইবোঁ তোক দিয়া লাঞ্ছ বাৰি।
ৰাম আগে নিবোঁ তোক গলে দিয়া জৰী॥
গলে জৰী দিয়া তোৰ গলৰ নিবোঁ ছাল।
চৱড়ৰ ছোটে ভাঙ্গো ধিতিঙ্গীয়া গাল॥

মোৰ আগে ৰাৱণ ৰহিছা এক দণ্ড।
লাঞ্ছে বাৰি দিয়া কৰিবোঁহু খণ্ড খণ্ড॥
হেৰা দেখোঁ তোক মই দাসৰ পৰাই।
মেলি দিওঁ জঙ্ঘা দুই জান্তিবে যুৱাই॥

অঙ্গদে বুলিলা আনো যত কদৰ্থনা।
বিপৰীত বাণী শুনি কিটাইলে ৰাৱণ॥
ক্ৰোধিয়া ৰাৱণ ৰাজা বোল ধৰ ধৰ।
চাৰি মালে অঙ্গদক ধাইলেক সত্বৰ॥

হংস হনুমান আৰু ধুম্ৰ যে লোচন।
বেঙ্কামুৱা সহিতে ধৰিলা চাৰিজন॥
চাৰিমালে ধৰিলে মনত নাহি কম্প।
চাৰিমাল গৈয়া প্ৰাচিৰত দিলে জাম্প॥

চাৰি মাল মাৰে যেন ভেটৰ ছাগল।
মাথাক টিপিয়া ভাঙ্গে যেন নাৰিকল॥
হাতৰ চাপড়ে মাৰে আৰো লাঞ্জবাৰি।
বুকে আঠু দিয়া ঘাঁড় ভাঙ্গিলা মুছৰি॥