পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৬
অসমীয়া সাহিত্যৰ চানেকি ৷

কিবা হেতু মন কষ্ট কৰি নাসে,
 যাওক আৰ ইবাৰ।
শুনিয়া গোপাল উঠি তৈব পৰা,
 কৰিলন্ত নমস্কাৰ॥
ইতো বেলা দেখা ঠাকুৰে নেদিলা,
 কৰন্ত অধিক আৰ।
তথাপি ইহান গৃহক নাহিলে,
 নাহিকে দোষ আমাৰ॥
দেৱতা গোপাল আইলা তযুকাল,
 একো বাক্য নুবুলিয়া।
আমনাগমন নভৈলেক আৰ,
 জানিবা সেহি ধৰিয়া॥
ভক্তসব সমে কালঝাৰ গ্ৰামে,
 সুখতে বঞ্চি আছন্তে।
কামেশ্বৰ গিৰি নামত সন্যাসী,
 আইলা পশ্চিমৰ হন্তে॥
গাৱে ভস্ম ধূলি কপিনৰ ধল,
 জণ্টা আস্য ব্যাঘ্ৰ চৰ্ম্ম।
দেবী উপাসক কেবলে পাষণ্ড,
 নাহিকয় কিছু ধৰ্ম্ম॥
পৰীক্ষিত ৰাজা সিতো সন্যাসীক,
 কৰিল বহু সৎকাৰ।
যেই বোলে সিতো  তাহাক কৰয়,
 নকৰে কিছু বিচাৰ॥
ৰাজাৰ আগত সন্যাসী বোলয়,
 শুনিয়োক নৰপতি।
তোমাৰ ৰাজ্যত অন্যায় ভৈলেক,
 যাইব লোক অধোগতি॥