সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৫
গোপাল আতাৰ চৰিত্ৰ ৷

মাতৃৰ বচনে, উঠিয়া ঠাকুৰ,
 বস্ত্ৰ পৰিধান কৰি।
গৈলন্ত উঠিয়া পূৰ্ণ্ণ ভাণ্ডাৰক,
 লৈলা সক্ষৰত ভৰি।
সেহি সময়ত হৰিপতি গুক,
 আথেবেথ কৰি যাই।
দ্বাৰ ঘনে মেলি বুলিবে লাগিলা,
 ঠাকুৰৰ মুখ চাই॥
শুনিয়ো ঠাকুৰ কি কৰাহা ঐত,
 আচাহা কিয় বসিয়া।
তোমাসাক চাইবে আসিছন্ত আতা,
 আছন্ত তৈতে ৰহিয়া॥
হৰিপতি গুৰু শুনিয়া বচন,
 ঠাকুৰ পুৰুষোত্তম।
বুলিলা বচন অত্যন্ত ক্ৰোধ,
 উঠিলন্ত অগ্নিসম॥
শঙ্কৰৰ নাতি মোহোক ঠাকুৰ,
 বুলিয়া তেতৈ মাতস।
মাধৱৰ শিষ্য গোপালক আতা,
 সম্বন্ধ কৰি বোলস॥
শুনিছোঁ ঈশ্বৰ গোপালক বোলে,
 মানিচয় সৰ্ব্বজনে।
নযাইবোহো নষা—  ইবোহো কদাচিত,
 বুলিলোঁ দৃঢ় বচন॥
ঠাকুৰৰ মাতৃ গোপালক আসি,
 বুলিলা মধুৰ বাক্য।
শুনিয়োক বাপ যাউক তোমৰা,
 নেদয় আৰ দেখাক॥

১০৪