সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৭
গোপাল আতাৰ চৰিত্ৰ ৷

আশ্বিন মাসত ইতো লোক সবে,
 নুপূজয় অম্বিকাক।
পঞ্চ যজ্ঞ বলি দান নকৰয়,
 নুপূজয় দেৱতাক॥
ভক্ত ভৈলো বুলি সব ধৰ্ম্ম তেজি,
 নামক কৰে কীৰ্ত্তন।
শুনা মহাৰাজা কৰিয়ো বিচাৰ,
 নষ্ট ভৈল সৰ্ব্বজন॥
সন্যাসীৰ বাক্যে ৰজা তেতিক্ষণে,
 আদেশিলা দূতগণ।
গ্ৰামে গ্ৰামে যায়া দেবী অম্বিকাক,
 কৰিয়ো সবে পূজন॥
মোহোৰ বচনে দেবীৰ পূজাক,
 নকৰয় যিতো জন।
অৱশ্য তাহাক কাটিবোহো মই,
 বুলিলাঁ দৃঢ় বচন॥
ৰজাৰ আদেশে দেশে দেশে গৈল,
 অহঙ্কাৰে দূতগণ।
দেৱতা গোপালে শুনিলন্ত পাছে,
 ৰাজাৰ হেন বচন॥
শুনি তেতিক্ষণে ভক্ত সব সমে,
 কৰিলন্ত আলোচন।
ইহাৰ উপায় নাহিকয় আন,
 কৰে সবে পলায়ন॥
সেহি সময়ত সুধিয়া পঠালে,
 মথুৰদাসে কথাক।
কি হুইলে উপায় কিবা কৰে তাৰ,
 কি বোলে বাক্য আমাক॥