পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৪
অসমীয়া সাহিত্যৰ চানেকি ৷

শুনা হৰিপতি থাকিয়োক তুমি,
 যাইবে তযু নলাগয়।
তোমাক দেখিলে ঠাকুৰৰ মনে,
 কিবা অসন্তোষ হয়॥
শুনি হৰিপতি গুৰু গোপালক,
 বুলিলা কৰি বিনয়৷
আপুনাৰ সঙ্গে যাইবে বহু ইচ্ছা,
 মনত হুয়া আছয়॥
গোপালে বোলন্ত যদি যাৱা তুমি,
 নযাইবা জাগক তান।
এহি বুলি লড়ি গৈয়া অনন্তৰে,
 পাইলা ঠাকুৰৰ স্থান॥
ঠাকুৰৰ গৃহ পাইয়া চোতালত,
 বসিলন্ত কঠ পাড়ি।
ভকত সকলে গোপালৰ কাছে,
 বসিলন্ত হুয়া সাৰি॥
সেহি সময়ত আছা ভিতৰত,
 ঠাকুৰে কৰি শয়ন।
বহু বেলি বসি আছন্ত গোপাল,
 তথাপি নাহি গমন।
ঠাকুৰৰ মাতৃ গোপালক দেখি,
 আথেবেথ কৰি গৈ।
উঠ উঠ বাপু কিয় শুতি আছা,
 গোপাল আছন্ত ৰৈ॥
মাতৃবাক্য মহৎ স্নেহৰ গোপাল,
 আমাতো অত্যন্ত ৰতি।
বহু বেলি বসি আছা বাট চাই,
 শীঘ্ৰে কৰিয়োক গতি॥