সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৩
গোপাল আতাৰ চৰিত্ৰ ৷

গোপালৰ বাক্য শুনি তাৰা সবে,
 কৃপা মনে মানিলন্ত।
লৱড় দিবাক নপাই ভক্ত হৈলে,
 হেনমতে দেখাইলন্ত॥
কামৰূপে ৰাজ্য ভজিল আসিয়া,
 আনো নানা গ্ৰাম যত।
আজি ইতো গ্ৰাম কৰিয়া,
 ভৈল ভকত॥
অসম ৰাজ্যৰ যত ভক্ত সব,
 কৰিল আসি সেৱন।
তাসম্বৰ কথা কৰিবেক অন্ত,
 কৰিয়া কোনে বৰ্ণন॥
অসম ৰাজ্যৰ লোক হৰিপতি,
 গুৰু নামে এক জন।
পুৰুষোত্তম বান্ধৱৰ সঙ্গে,
 কৰিল গৈয়া বঞ্চন॥
তৈৰ পৰা পাচে কালঝাৰ গ্ৰামে,
 গোপালৰ থান গৈলা৷
গোপাল দেৱক কৰিয়া সেৱন,
 হৰিপতি গুৰু ৰৈলা॥
একদিন প্ৰতি কৰিলন্ত মতি,
 চাহিবাক বান্ধৱক।
দেৱতা গোপাল ভকত সবক,
 বুলিলন্ত ভোজনক॥
কৰিয়া ভোজন কৰিল গমন,
 ভকত সমে গোপাল।
সেহি সময়ত হৰিপতি গুৰু,
 বুলিলন্ত তত্বকাল॥