পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীৰাম যদুমণি।

গোপাল আতাৰ চৰিত্ৰ।

দুলড়ী


শুনিয়া যেমন পাতিয়া শ্ৰৱণ,
 কথা আতি অনন্তৰে।
ভবানীপুৰক ইচ্ছা এড়িবেক,
 ভৈলা দেৱ গোপালৰ॥
দেৱতা গোপালে ভকত সকলে,
 কৰি সবে আলোচন।
নামে কালঝাৰ গ্ৰাম মধ্যে সাৰ,
 যাইবাক কৰিলা মন॥
যত সন্ত স্থান আছয় আসামে,
 নাহিকে যাৰ উপাম৷
নৰনাৰায়ণ নৃপতি পূৰ্ব্বত,
 দিলা কালঝাৰ নাম॥
পোল্লা যাৰ নাম নদী অনুপম,
 বহে দক্ষিণক লাগি।
তাহাৰ তীৰত আছে লোক যত,
 সবে মহা পুণ্যভাগি॥
অনেক বঢ়িয়া তটীক বণিয়া,
 স্বৰ্ণকাৰ কৰ্ম্মকাৰে।
চুৰ্ণকাৰ মালাকাৰ যেনে সোবা তেলি,
 চৰ্ম্মকাৰ কু্ম্ভকাৰে॥