পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৬
অসমীয়া সাহিত্যৰ চানেকি ৷

দৈবজ্ঞ ব্ৰাহ্মণ আন যত যত,
 সৱাৰো বসতি স্থান।
গোপাল দেৱৰ সেবক বিনাই,
 নাহিকয় আন তাত॥
সৰ্ব্বগুণান্বিত শস্য শস্যকুঞ্জ,
 ৰম্যস্থান বিতোপন।
ভক্ত সব সমে কালঝাৰ গ্ৰামে,
 কৰিলা পাছে গমন॥
কালঝাৰ গ্ৰামে আৰু লোক যত,
 উদ্যোগ সবে কৰিল।
গোপাল দেৱৰ থাকিবাৰ ঘৰ,
 তেখনে সাজিয়া দিল॥
কৰি পৰিপাটি সাজি চাৰি হাটি,
 নামঘৰ সাজি দিল।
ভকত সকল লভিয়া গৃহক,
 আনন্দে সবে বঞ্চিল॥
গোপালে বোলন্ত একখানি কথা,
 লাগে আৰ কৰিবাক।
এহি নামঘৰে সাজিবাক লাগে,
 এক খানি প্ৰতিমাক।
শুনি ভক্ত সবে উঠিয়া তেখনে
 কৰিলা সবে বিচাৰ৷
সহিপ গুৰুৰ ঘৰত আছিয়,
 পাইলা-বাৰ্ত্তা প্ৰতিমাৰ॥
বাৰ্ত্তা পায়া পাঁছে ভকত সকলে,
 গোপালত কহিলন্ত।
এক গোটা ৰূপ এক জোৰা বস্ত্ৰ,
 দিয়া পঠাই খুজিলন্ত॥