পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৪
অসমীয়া সাহিত্যৰ চানেকি ৷

যাৰ আকাশত আনন্দে ভকত,
 মুকুত ভাৱে থাকন্ত।
দ্বাদশ প্ৰসঙ্গ নকৰয় ভঙ্গ,
 তেজস্বী সন্ত অত্যন্ত॥
ৰজা প্ৰজা দুঃখী চোৰ সন্ত ভিক্ষি,
 পলু পিম্পৰাক লাগি।
চিন্তন্ত কুশল দুঃখী বৎসল,
 ঈশ্বৰত বৰ মাগি॥
হেনয় অৰ্জ্জুন দেবৰ চৰণ,
 সকাশত মোৰ মন।
কিঞ্চিতেক মন  ভৈলন্ত প্ৰসন্ন,
 সেৱন্তে তান চৰণ॥
প্ৰভু দামোদৰ দেৱৰ চৰিত্ৰ,
 পদবন্ধে গাৱে ইচ্ছা।
মই হেন মূৰ্খ অধম পাতকী,
 যদি দেখা কথা মিছা॥
মিছাক এড়িয়ো সঁচাক ধৰিয়ো,
 সাধু সভাসদগণ।
মোক অল্প গুণ ব্যহুল্য কাৰণে,
 তোমাসাৰ প্ৰয়োজন॥
সবাৰ পাৱত কাৰো দণ্ডৱত,
 মোহৰ দোষ নধৰি।
ৰামৰায় দ্বিজ সন্ত পাৱে আশ,
 হৌক বোলা হৰি হৰি॥