সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৩
গুৰুলীলা ৷

ৰজায়ে বোলন্ত যিতো ভক্ত হন্ত,
 সমস্তৰে এক কথা।
ভকতৰ মত ভকতে ৰাখন্ত,
 নকৰন্ত যে অন্যথা॥
এতেক বুলিয়া ক্ষণেক থাকিয়া
 উঠি নৃপ পৰীক্ষিত।
সভা বিসৰ্জ্জিয়া অন্তেস পুৰত,
 প্ৰবেশ ভৈলা ত্বৰিত॥
গৰিহিত কৰি ভাঙ্গিলা সমাজ,
 গৈলা সবে ঘৰাঘৰি।
প্ৰভু দামোদৰ বাসাক গৈলন্ত,
 কৃষ্ণৰ নাম সুমৰি॥
অপেক্ষা ৰহিত কৃষ্ণ পাৱে চিত,
 দিয়া প্ৰভু বহিলন্ত।
ৰজা প্ৰজা চয় কাকো নাহি ভয়,
 নিৰপক্ষ মহাসন্ত॥
পূৰ্ব্বৱতে হৰি— প্ৰসঙ্গক কবি,
 সেহি বেদুৱাৰ ঘৰে।
আছে মহাসন্ত জগতে নমন্ত,
 একে নৃপতিত পৰে॥
প্ৰসঙ্গ স্খলিত নহন্ত কিঞ্চিত,
 ৰাত্ৰি দিনে অবিশ্ৰাম।
জগত নিস্তাৰ কাৰণে ঈশ্বৰ
 ধৰি দামোদৰ নাম॥
সেহি দামোদৰ দেৱৰ কিঙ্কৰ,
 নামত অৰ্জ্জুন সন্ত।
কলিত সেমত বিপ্লৱ কালত,
 ভক্তি পন্থ ৰাখিলন্ত॥