পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১২
অসমীয়া সাহিত্যৰ চানেকি ৷

এতেক বুলিয়া মৌনে বহিলন্ত,
 হৰিৰূপ দামোদৰ।
সভাসদ সবে মৌনে শুনি আছে,
 পণ্ডিতে নেদে উত্তৰ॥
পাছে নৰনাথ বুলিলা সাক্ষাত,
 শুনিয়ো পণ্ডিত গণ।
দামোদৰে যিবা শ্লোক অৰ্থ কষ্ট,
 লক্ষণ মাত্ৰ কল্পন॥
স্বৰূপ নহয় লক্ষণ কল্পয়,
 উৎকৰ্ষ দেখাৱন্ত।
সেহি বেলা যদু— মণি চক্ৰবৰ্ত্তী,
 নিৰ্ভয়ে বাক্য বোলন্ত॥
বিদুৰৰ আগে মৈত্ৰেষে কহিছে,
 অন্যথা নহে বচন।
গোবিন্দৰ যশ পৰম নিৰ্ম্মল,
 অনিন্দিত সুশোভন॥
তাহাক শ্ৰৱণ কীৰ্ত্তন স্মৰণ,
 কৰয় যিতো সতত।
নুহিবে কৃতাৰ্থ হেনয় সংশয়,
 নাহি নাহি স্বৰূপত।
শুনি নৰপতি বুলিলা ত্বৰিত,
 ইতো কোন মহাজন।
কি উদাসীন নুহিবা গৃহস্থ,
 থাকয় কোন সদ॥
শুনি সত্যবৰ্গ কহয় আনন্দে,
 নৃপতি পৰীক্ষিতত।
পাটবাউসীত বড়পেটা ততে,
 থাকন্ত এতে সাক্ষাত॥