চিকিমিকি কৰে ৰথ সুবৰ্ণ পাথৰ।
যথা আছে বীৰ ভগদত্ত নৃপবৰ॥
আছন্ত পাণ্ডৱ যেবে দ্ৰোণ পৰাভৱ।
পাচত সুশৰ্ম্মা খেদি আসে সবান্ধৱ॥
হেন শুনি সব্যসাচী সাৰথি মাতিল।
দেখা দেখা সুশৰ্ম্মাষে মোক খেদি আইল॥
উত্তৰৰ ৰাজা ভগদত্ত ভাৱে ভাৱে।
সামৰাজ লৈয়া সিতো মহাক্ৰোধে ধাৱে॥
ইহাক যুজন্ত পৰিবন্তি লাগে ভয়।
ইহাক গুণন্তে হৰি দগধ হৃদয়॥
অৰ্জ্জুন বদতি শুনিয়োক হৃষিকেশ।
মনে গুণি আপুনি দিওক উপদেশ॥
বুলিয়োক মনে গুণি আপুনি শাশ্বত।
জানি শুনি কৃষ্ণে আগ বাঢ়ি দিলা ৰথ॥
যুদ্ধত আছন্ত ত্ৰিজগত অধিপতি।
পবন সঞ্চাৰে ৰথ বাঢ়িলা সাৰথি॥
প্ৰথমতে অৰ্জ্জুনে মাৰিলা শত শৰ।
দূৰতে ভেদিলা সুশৰ্ম্মাৰ কলেবৰ॥
ধনুখান টানিয়া অপৰ তিনি শৰে।
ছয় শৰে ভেদিলন্ত আত অনন্তৰে॥
ৰথ ধ্বজ সাৰথি সবাকো বৰৰাগে।
দশ শৰে ৰাজাক তাৰিলা মহাবেগে॥
শৰে ফুটি সুশৰ্ম্মাৰ কুপিত হৃদয়।
দীঘল বৰ্ত্তুল স্থূলন্তৰ লোহাময়॥
হানিলা শকতি সৰ্পৰাজ সমসৰ।
অৰ্জ্জুনক লাগি বায়ু বেগে যাই খৰ॥
আনো তাৰ মহাৰথী পৰিলেক ৰণে।
অবিৰোধে একো বীৰ নথাকিল মনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭১
মহাভাৰত দ্ৰোণ পৰ্ব্ব।