সবাহাকে একেশ্বৰে তাৰি ধনঞ্জয়।
কৌৰবৰ বৰ ভয় মিলিল সংশয়॥
অৰ্জ্জুন ভৈলন্ত বহ্নি কুৰুবল বন।
সহিতে নপাৰে তাৰ শৰৰ দহন॥
সৈন্যক কাটিয়া বৰষিলা শৰচয়।
যথাৱত কৰিয়া বধিলা ধনঞ্জয়।
পুনৰপি অৰ্জ্জুনে গাণ্ডিৱ ধৰি কৰে।
মোহন বাণক মাৰিলেক মহাবীৰে॥
সংসপ্তগণক মুহিলেক ধনঞ্জয়।
যথা আছে ভগদত্ত মিলিলন্ত তয়॥
সৰ্প দেখি গৰুড়ে ধাৱয় যেন ময়।
ভগদত্ত ৰাজাক ধাইলেক ধনঞ্জয়॥
বৈৰ মান সদন বদন পৰায়ণ।
অৰ্জ্জুনে কৰন্তে শৰ সবাকে নিৰ্ষ্যাণ॥
শৰ চাপ সুদৃঢ় ধৰিলা ধনু শৰ।
দেখি ভয় ভৈলা সবে কৌৰব কিঙ্কৰ॥
বিবৰ্ণ বদন প্ৰজা তবধ পৰাই।
ইন্দ্ৰে যেন পৰ্ব্বত ভেদিলা বজ্ৰ ঘাই॥
বিজয়ক ভয় যিটো পৰাজয় পাই।
সহস্ৰ যুজাৰু বীৰ আলোচি উপায়॥
দশো দিশ ঢাকিয়া তাৰিলা বাণ ঘাই।
মহাবীৰ অৰ্জ্জুনে হানিলা সেহি প্ৰায়॥
মহাপ্ৰলয়ৰ যেন প্ৰচণ্ড পবন।
সেহি মতে কৌৰব দলক কৈলা ছন্ন॥
কৌৰবী সেনাক সব্যসাচী সেহি মতে।
সৈন্য ভঙ্গ দেখি ৰাজা ধাইলা ভগদত্তে॥
আগে ভগদত্ত গজ কন্ধে চড়ি যাই।
পাছে সেহি গজে অৰ্জ্জুনক লাগ পাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭২
অসমীয়া সাহিত্যৰ চানেকি।